দৈনন্দিন জীৱনত বহুলভাৱে ব্যৱহৃত সামাজিক মাধ্যম হোৱাটছএপে প্ৰয়োজনত ভাৰত এৰি যাব, কিন্তু তেওঁলোকে গোপনীয়তা নিয়ম উলংঘা নকৰে। দিল্লী উচ্চ ন্যায়ালয়ত এই কথা অৱগত কৰিছে মেটাৰ অধিবক্তাই। ২০২১ চনত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা তথ্য প্ৰযুক্তিৰ নিয়মৰ ক্ষেত্ৰত হোৱাটছএপে নিজৰ স্থিতি স্পষ্ট কৰিছে। তেওঁলোকৰ অধিবক্তাই কয় যে গোপনীয়তাৰ নিশ্চয়তাৰ বাবেই মানুহে হোৱাটছএপ ব্যৱহাৰ কৰে। গতিকে ইয়াৰ লগত কোনো আপোচ কৰিব নোৱাৰি।
২০২১ চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰই তথ্য প্ৰযুক্তি (মধ্যৱৰ্তী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) নিয়ম, ২০২১ জাৰি কৰে। কোৱা হৈছিল যে টুইটাৰ (এতিয়া এক্স), ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপৰ দৰে ছ’চিয়েল মিডিয়াই নতুন নিয়ম মানি চলিব লাগিব। প্ৰয়োজনত অনুসৰণ কৰি যিকোনো ভাইৰেল তথ্যৰ উৎস বিচাৰি উলিওৱা হ’ব ।
হোৱাটছএপে ‘এণ্ড টু এণ্ড এনক্ৰিপচন’ সেৱা আগবঢ়াইছে। ইয়াৰ জৰিয়তে যিকোনো তথ্য বিনিময় অথবা কথা বতৰা নিজ নিজ ব্যৱহাৰকাৰীৰ বাবে সীমাবদ্ধ। সেই কথা-বতৰাত বাহিৰৰ কোনোৱেই জনাৰ সুবিধা নাপায়। আনকি হোৱাটছএপৰ মূল কোম্পানী মেটায়ো সেই কথা বতৰাবোৰ পঢ়িব নোৱাৰে। কেন্দ্ৰই ঘোষণা কৰা নিয়ম অনুসৰি প্ৰয়োজন হ’লে হোৱাটছএপে এই গোপনীয়তা ভংগ কৰিব লাগিব । কৰ্তৃপক্ষই এই কথাত সন্মতি প্ৰকাশ কৰা নাছিল।
এই শুনানিত দিল্লী উচ্চ ন্যায়ালয়ত হোৱাটছএপৰ অধিবক্তাই কয় যে তেওঁলোকৰ বাবে গোপনীয়তা ৰক্ষাৰ পথ ভংগ কৰাটো সম্ভৱ নহয়। তেনে কৰিবলৈ হ’লে বাৰ্তাৰ এখন দীঘলীয়া তালিকা বহুদিনলৈ ৰাখিব লাগিব। কাৰণ কোনো বাৰ্তাৰ বিষয়ে কেতিয়া তথ্যৰ প্ৰয়োজন হ’ব সেয়া আগতীয়াকৈ নিৰ্ধাৰণ কৰিব নোৱাৰি। ফলত লাখ লাখ বাৰ্তা বছৰ বছৰ ধৰি সংৰক্ষণ কৰিব লাগিব। যিটো অসম্ভৱ গতিকে এই নিয়ম যদি হোৱাটছএপত প্ৰযোজ্য হয় তেন্তে তেওঁলোক ভাৰত এৰি যাবলৈ বাধ্য হ’ব। বিশ্বৰ আন কোনো দেশত হোৱাটছএপ সন্দৰ্ভত এনে কোনো নিয়ম প্ৰৱৰ্তন কৰা নাই বুলি তেওঁলোকৰ অধিবক্তাই জানিবলৈ দিয়ে।
এই গোচৰত কেন্দ্ৰৰ অধিবক্তাই যুক্তি আগবঢ়ায় যে ছ’চিয়েল মিডিয়াত আপত্তিজনক বাৰ্তা প্ৰচাৰৰ আহিলা হিচাপে প্ৰায়ে হোৱাটছএপ ব্যৱহাৰ কৰা হয়। যিটো জনসাধাৰণৰ বাবে ক্ষতিকাৰক। আনকি, এনে বাৰ্তাই কেতিয়াবা সাম্প্ৰদায়িক অশান্তিৰ সৃষ্টি কৰে। গতিকে ২০২১ চনৰ সেই নিয়ম প্ৰৱৰ্তন কৰাটো প্ৰয়োজনীয় আছিল।
আদালতে পৰ্যবেক্ষণ কৰিছে যে সাধাৰণ মানুহৰ গোপনীয়তাৰ অধিকাৰ আছে। কিন্তু ই কেতিয়াও নিৰপেক্ষ নহয়। দুয়োৰে মাজত ভাৰসাম্য ৰক্ষা কৰাটো প্ৰয়োজন। ১৪ আগষ্টত পুনৰ দিল্লী উচ্চ ন্যায়ালয়ত শুনানিৰ বাবে আহিব এই গোচৰ। ১৪ আগষ্টত দিল্লী উচ্চ ন্যায়ালয়ে ২০২১ চনত কেন্দ্ৰৰ আই টি নিয়মক বিভিন্ন দিশক প্ৰত্যাহ্বান জনাই এতিয়ালৈকে উচ্চতম ন্যায়ালয়ত দাখিল কৰা সকলো গোচৰৰ শুনানি গ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ে ২২ মাৰ্চত এই গোচৰসমূহ দিল্লী উচ্চ ন্যায়ালয়লৈ হস্তান্তৰ কৰে।