গ্ৰীষ্মৰ সময়ত বহু সমস্যাই দেখা দিয়ে ৷ প্ৰচণ্ড ৰ’দ গৰমৰ পৰা শাৰিৰীক সমস্যাৰ পৰা আৰম্ভ কৰি নানা সমস্যাই দেখা দিয়ে ৷ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল ৰন্ধা খাদ্য সতেজ কৰি ৰখা। বহু সময়ত ফ্ৰীজত ৰাখিলেও খাদ্য বেয়া হৈ যায় ৷ ঘৰৰ পৰা টিফিন আনিলেও অফিচলৈ আহিলেই খাদ্যৰ সোৱাদ সলনি হয়। এই গৰমত ৰন্ধা খাদ্য বেছি সময় সতেজ কৰি ৰখাটো সহজ নহয়। কিন্তু যদি কেইটামান কথা মানি চলিব পৰা যায়, তেন্তে গৰমত খাদ্যৰ অপচয় কম হ’ব।
১) বহুতে গৰম খাদ্য খাই ভাল পায়। গৰমৰ দিনত সেই অভ্যাস বন্ধ নকৰিব। ৰন্ধা দুঘণ্টামানৰ ভিতৰতে খাব। গৰম বতৰত ৰন্ধা খাদ্য বেছি সময় বাহিৰত ৰাখিব নালাগে। গৰম হৈ থকা অৱস্থাত খাব।
২) খাদ্য বাচি থাকিলে লগে লগে ফ্ৰীজত থোৱাটো জৰুৰী। ঘৰত ফ্ৰীজ নাথাকিলে খাদ্যৰ পাত্ৰটো পানীৰে ভৰা বাচনত ৰাখিব। তেতিয়া নষ্ট হোৱাৰ আশংকা কমি যায়।
৩) গৰম খাদ্য ৰন্ধা লগে লগে ফ্ৰীজত ৰাখিব নালাগে। ই খাদ্য সোনকালে নষ্ট কৰিব পাৰে। খাদ্য সদায় ঠাণ্ডা কৰি ফ্ৰীজত ৰাখিব।
৪) গৰমৰ দিনত বাহি খাদ্য নাখালে ভাল। এদিনতকৈ অধিক পুৰণি খাদ্য খাব নালাগে। পুৰণি খাদ্য খালে গ্ৰীষ্মকালত ডায়েৰিয়া হোৱাৰ আশংকা আছে।