বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফল হ’ল শিলিখা। শিলিখাই সকলো বেমাৰ হৰি নিব পাৰে বাবে শিলিখাৰ অন্য এটা নাম হ’ল হৰীতকী। শিলিখাক অমৃতৰ সমান বুলিও কোৱা হয়।
জনবিশ্বাস আছে যে , গণেশ চতুৰ্দশীত হোম -যজ্ঞ শেষ হোৱাৰ পিছত ব্যৱহাৰ হোৱা শিলিখাৰ সামান্য পৰিমাণ খালেই সৰ্বপাপ নাশ হয় বুলি ভক্ত সকলে বিশাস কৰে।
শিলিখা গুণৰ আকৰ। শিলিখা অন্য খাদ্যদ্ৰব্যৰ লগত মিহলাই খালে তাৰ ফল ভিন্ন পোৱা যায়। অৰ্থাৎ শিলিখাৰ ফল ব্যৱহাৰ অনুসৰি গুণ বেলেগ হোৱা পৰিলক্ষিত হয়।
শিলিখা চোবাই খালে সহজে ভোক লাগে , অৰ্থাৎ হজম শক্তি বাঢ়ে।
শিলিখা ভাজি খালে বায়ু , পিত্ত আৰু কফ নাশ হয়।
শিলিখা পিহি পানীত তিয়াই পানীখিনি খালে কেঁচুমূৰীয়া আৰু গ্ৰহণী ৰোগ ভাল হয়।
শিলিখা সিজাই খালে মল সংগ্ৰহ কৰে।
শিলিখা নিমখৰ লগত খালে কফ নাশ আৰু হজম শক্তি বাঢ়ে।
শিলিখা চেনিৰ লগত খালে পিত্ত নাশ হয়।
শিলিখা পানীত তিয়াঁই ৰাখি সেই পানীৰে চকু ধুলে চকুৰ দৃষ্টি শক্তি বাঢ়ে।
শিলিখা ঘিউৰ লগত খালে বায়ু নাশ হয়।
শিলিখাৰ মাংসাল খিনি গুড়ত সিজাই খালে সকলো ৰোগ নাশ হয়।
ঋতু অনুসৰি শিলিখা বিভিন্ন দ্ৰব্যৰ লগত ব্যৱহাৰ হয় আৰু সেইমতে ভিন্ন গুণ পোৱা যায়।
বাৰিষা কালত নিমখৰ লগত।
শৰৎ কালত চেনিৰ লগত।
শীতকালত শুকান আদাৰ পাউদাৰৰ লগত ।
শীতৰ শেষত পিপলিৰ লগত।
বসন্ত কালত মৌৰ লগত।
শিলিখা বিভিন্ন ঋতুত বিভিন্ন দ্ৰব্যৰ লগত খালে সকলো ধৰণৰ ৰোগ ভাল হয় আৰু দিৰ্ঘায়ু হয়।