বৈজ্ঞানিক নাম:- Kaemferia calang Linni
গাঁঠিয়ন হ’ল সুগন্ধি বনৌষধি ঘাঁহজাতীয় উদ্ভিদ। পাতবিলাক প্ৰায় গোলাকাৰ। কুমলীয়া পাত নুৰ খাই ওলায়।পাতৰ বৰণ ডাঠ সেউজীয়া। ফুল বগা আৰু সামান্য বেঙুনীয়া। অসমীয়াত গাঁঠিয়ন নামেৰে এই সুন্দৰ বনক জনা যায় যদিও ইয়াক চন্দ্ৰমল্লিকা বুলিও কোৱা হয়।
অতীজৰ বিয়া-বাৰুত দৰা- কইনাক নোৱাবলৈ মাহ-হালধিৰ লগত গাঁঠিয়ন ব্যৱহাৰ কৰিছিল। গাঁঠিয়নৰ আছে বহুত ঔষধি গুণ। জানো আহকচোন-
১) গাঁঠিয়নে ছালৰ ৰোগ নাশ কৰে আৰু ইয়াৰ সুগন্ধিয়ে মন-প্ৰাণ প্ৰফুল্লিত কৰে ।
২) গাঁঠিয়নৰ পৰা প্ৰস্তুত কৰা তেলে মাখি অপসাৰিত কৰিব পাৰে।
৩) মৌৰ লগত শুকান গাঁঠিয়নৰ আলু খালে কাহ নাশ হয়।
৪) গাঁঠিয়ন শক্তিবৰ্ধক আৰু হজমীকাৰক।
৫) গাঁঠিয়নে বুকু জ্বলা-পোৰা দূৰ কৰে।
৬) গাঁঠিয়নৰ মাটিৰ তলত থকা কাণ্ডৰ পৰা গ্লেংগেল নামৰ তেল তৈয়াৰ কৰা হৈছে। এই তেল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
৭) গাঁঠিয়নৰ তেল কুষ্ঠৰোগ , ছালৰ ৰোগ , বাতবিষ , কাহ , ব্ৰংকাইটিছ , হাঁইফাঁই , জ্বৰ আৰু মেলেৰীয়া ৰোগৰ উপকাৰী।
৮) গাঁঠিয়নৰ তেলে ভেঁকুৰো নাশ কৰিব পাৰে।