হিন্দু ধৰ্মৰ কাৰণে তুলসী অতি পৱিত্ৰ গছ। তুলসী গছৰ পাত খোৱা বা হাতেৰে স্পৰ্শ কৰা বাদেই ৰাতিপুৱা শুই উঠি তুলসী গছ দেখিলেই পাপ খণ্ডন হয় বুলি হিন্দু শাস্ত্ৰই কয়। তুলসী গছ বহু বছৰ জীয়াই থকা জোপোহা জাতীয় গছ।
হিন্দু সকলে তুলসী গছক দেৱ গছ হিচাপে জ্ঞান কৰে। যাৰ ঘৰত তুলসী গছ থাকে , তাত তীৰ্থৰ দৰে পৱিত্ৰ হয়। তুলসী গছক দেখিলে পুণ্য হয়। হাতেৰে স্পৰ্শ কৰিলে পাপ নষ্ট হয়। আনকি তুলসী গছৰ ছাঁ ল’লেও তীৰ্থ কৰাৰ দৰে ফল দিয়ে। যাৰ ঘৰত তুলসীৰ গছ থাকে তেনে ঘৰত কেতিয়াও বজ্ৰপাত পৰিব নোৱাৰে বুলি শাস্ত্ৰই কয়।
তুলসী গছৰ নিচিনা বৈদ্যুতিক শক্তি সম্পন্ন গছ পৃথিৱীত নাই। তুলসী গছ যি ঠাইতে পোৱা যায় সেই ঠাইৰ ওচৰত মেলেৰীয়া , প্লেগ আদি ৰোগৰ বীজানুৱে প্ৰৱেশ কৰিব নোৱাৰে। এই ৰোগ সমূহৰ বীজানু প্ৰৱেশ কৰাৰ লগে লগে তুলসীয়ে তেনে বীজাণু ধ্বংস কৰে।
তুলসী যিদৰে অতি পৱিত্ৰ গছ ঠিক সেইদৰে ইয়াৰ গুণো অতি চমৎকাৰ। তুলসী এবিধ উৎকৃষ্ট ৰসায়ন। তুলসী তিতা , কেহা , উষ্ণ , বায়ু , পিত্ত আৰু কফ নাশক।
বিষ , মুখৰ দুৰ্গন্ধ , হিকটি , কুষ্ঠ , পেটৰ বিষ , কাহ , কৃমি , বমি আদি ৰোগৰ কাৰণে উপকাৰী। বুকুৰ কাৰণে তুলসীৰ ৰস উপকাৰী। তুলসীৰ ৰস নিয়মীয়াকৈ খালে ছাল , মাংস আৰু হাড়ৰ মাজত ৰোগে আক্ৰমণ কৰিব নোৱাৰে বুলি অথৰ্ব বেদ শাস্ত্ৰত উল্লেখ আছে। তুলসীৰ ৰসে এলাহ , ভাগৰ , জ্বৰ , পানীলগা , অৰুচি , বাত বেমাৰ , গ্ৰহণী , অজীৰ্ণ প্ৰভৃতি ৰোগসমূহ উপশম কৰিব পাৰে। তুলসীৰ পাতে তেজ পৰিষ্কাৰ কৰাত বিশেষ সহায় কৰে। ব্ৰংকাইটিছ , কাণৰ বিষ আদিৰ বীজানুনাশক তুলসীৰ পাত।