শীতকালত ছালৰ যত্ন বিশেষ ভাৱে ল’ব লগীয়া হয়। ভিটামিন ই’ ব্যৱহাৰ কৰি মুখ খন অতি ধুনীয়া কৰি ৰাখিব পাৰি। সঠিকভাৱে ই’ ভিটামিন কেনেদৰে লগাব পাৰি জানো আহক।
১) ২ চামুচ গোলাপ জলৰ লগত ভিটামিন ই’ ৰ ভিতৰৰ জুলীয়া খিনি মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি ল’ব লাগে। এই মিশ্ৰণ খিনি মুখত ভালদৰে সানি লৈ আধা ঘণ্টাৰ পিছত ধুই দিব লাগে।
২) এটা পাত্ৰত ২ টেবিল চামুচ এলোভেৰা জেলৰ লগত এক চামুচ গোলাপ জল আৰু এটা ই’ ভিটামিন টেবলেট মিহলাই ল’ব লাগে। ভালদৰে মিহলোৱাৰ পিছত এটা ডাঠ মিশ্ৰণ তৈয়াৰ হ’ব আৰু এই মিশ্ৰণটো মুখত ভালদৰে লগাব লাগে। ১৫/২০ মিনিট মান পিছত মুখ খন ধুই পেলাব লাগে।
৩) টি ট্ৰি অয়েল ছালৰ বাবে অতি উপকাৰী। এটা পাত্ৰত অলপ গোলাপজল লৈ তাৰ লগত ২/৩ ফোঁট টি ট্ৰি অয়েল মিহলাই ল’ব লাগে। এই মিশ্ৰণ টোৰ লগত ভিটামিন ই’ টেবলেট ভাঙি তাৰ ভিতৰৰ জুলীয়া পদাৰ্থ খিনি ভালদৰে মিহলাব লাগে। এই মিশ্ৰণটো মুখত সানি ১৫ মিনিট মান ৰাখি ধুই দিব লাগে।
৪) এক কাপ গ্ৰীণ টি ঠাণ্ডা কৰি ল’ব লাগে। তাৰ লগত এক চামুচ মৌ আৰু ২ টা ই’ ভিটামিন টেবলেটৰ ভিতৰৰ অংশ খিনি ভালদৰে মিহলাই উতলাই ল’ব লাগে। মিশ্ৰণ টি ঠাণ্ডা হোৱাৰ পিছত মুখত ভালদৰে সানিব লাগে।
উপৰুক্ত ধৰণে ই’ ভিটামিন ব্যৱহাৰ কৰিলে শীত কালতো মুখ খন অতি ধুনীয়া হৈ থকাৰ লগতে আকৰ্ষণীয় হৈ থাকিব।