অসমীয়া খাদ্য-সংস্কৃতিৰ এক সন্মানীয় তথা আদৰৰ-চেনেহৰ অংগ হৈছে অসমীয়া জলপানসমূহ ।কাঁহৰ বাটিত সজাই দিয়া এই আদৰৰ জলপানভাগ কেৱল দেখাতেই সুন্দৰ নহয়, এই জলপানভাগ প্ৰচুৰ গুণসমৃদ্ধ । অসমীয়া জলপানসমূহ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী । অসমৰ গ্ৰামীণ সমাজৰ লোকসকলে এই জলপান খাইয়ে বাৰী-ঘৰৰ কাম কৰিবলৈ গাত শক্তি পাইছিল । পথাৰৰ কষ্টকৰ কাম কৰিব পাৰিছিল ।
জলপানে দেহত যথেষ্ট পৰিমাণে শক্তি যোগায়। চিৰা-মুড়ি, আখৈ , পিঠাগুড়ি, কৰাইগুড়ি, কোমল চাউল এই সকলোৰে পৰা খাদ্যপ্রাণ পোৱা যায়। এই জলপানসমূহে পেটটো লঘু হৈ ৰাখে । এই কোমল চাউল-চিৰা আদি খাবলৈ সোৱাদৰ লগতে ইয়াত প্ৰচুৰ খাদ্যগুণো পোৱা যায়।
পানীত তিয়াই থোৱা কোমল চাউল ,চিৰা আদিত ভিটামিন, প্ৰ’টিন, কেলচিয়াম, স্নেহ পদার্থ প্ৰচুৰ পৰিমাণে পোৱা যায়। দৈয়ে শৰীৰ সুৰক্ষিত কৰি ৰখা প্লাজমা , প্ৰ’টিন, হ’ৰমন প্রস্তুত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও বিভিন্ন ৰোগৰ পৰা শৰীৰক ৰক্ষা কৰাৰ লগতে হাঁড়-দাঁতৰ গঠনত ইয়াৰ সবল ভূমিকা আছে। দৈ পেলুৰ সমস্যা, মানসিক চাপ আৰু উত্তেজনা নিয়ন্ত্ৰণতো যথেষ্ট সহায়ক।
গুৰত যথেষ্ট পৰিমাণে আইৰন, ফছফৰাছ, কেলচিয়াম, ভিটামিন-এ, বি নিহিত থাকে। গুৰে তেজ পৰিস্কাৰ কৰে ,ৰক্তচাপ নিয়ন্ত্ৰণ কৰে লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে। হৃদযন্ত্র শক্তিশালী কৰাত গুৰৰ বৃহৎ ভূমিকা আছে। গুৰে প্ৰস্ৰাৱৰ দোষ নাইকিয়া কৰাৰ লগতে বৃক্ক সবল কৰে।
চিৰা, কোমল চাউল, পিঠাগুড়ি, মুড়ি আদিৰ লগত খোৱা কলত আৱশ্যকীয় সকলো উপাদান আছে। জলপানত অভ্যস্ত থকাৰ বাবেই পূৰ্বৰ মানুহ যথেষ্ট নিৰোগী, মনোবল থকা লোক আছিল। বৰ্তমান সময়ত পশ্চিমীয়া সভ্যতাৰ অনুকৰণত মেগি, চাও চাও , চেণ্ডইচ , কৰ্ণফ্লেক্স , ৰুটি-তৰকাৰি, ব্রেড-বাটাৰ, কণী আদিবোৰ ৰাতিপুৱাৰ আহাৰ হিচাপে খাবলৈ লোৱাৰ আগেয়ে জলপান খায়েই অসমীয়া মানুহে সুস্থ আৰু নিৰোগী হৈ আছিল । আগৰদিনৰ লোকসকলে এই জলপান খাই শৰীৰ আটিল আৰু কৰ্মঠ কৰি ৰখাৰ লগতে দিনজোৰা কৰ্মত নিজকে ব্যস্ত ৰাখিব পাৰিছিল।
এই জলপানসমূহ সম্পূর্ণ অকৃত্ৰিম ৰূপত ঘৰৰ চাউলেৰেই তৈয়াৰ কৰা হয়। জলপানসমূহ শুকান হোৱাৰ বাবে ঘৰতে তৈয়াৰ কৰি বা কিনি ভালদৰে বহুদিনলৈ সাঁচি ৰাখিবও পাৰি।দুখৰ বিষয় যে বৰ্তমান সময়ত সম্পূৰ্ণ নিৰ্ভেজাল এই অসমীয়া জলপানবাটিৰ গুৰুত্ব লাহে লাহে নোহোৱা হৈ অহা পৰিলক্ষিত হৈছে ।