গোটেই দিনটো শৰীৰ কেনে হ’ব সেয়া ৰাতিপুৱা কি খাদ্য গ্ৰহণ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে। চিকিৎসক আৰু পুষ্টিবিদসকলে এই কথা প্ৰকাশ কৰি আহিছে ৷ কিন্তু কার্যালয়লৈ ওলাই অহাৰ ব্যস্ততাত বহুতে ব্ৰেকফাষ্ট বা পুৱাৰ আহাৰ খাবলৈ পাহৰি যায়। বা অতি কম খাদ্য গ্ৰহণ কৰে ৷ পুষ্টিবিদসকলৰ মতে এই প্ৰথা একেবাৰেই ভাল নহয়। শৰীৰৰ সামগ্ৰিক স্বাস্থ্য বজাই ৰাখিবলৈ ব্ৰেকফাষ্ট এৰিব নালাগে। ব্ৰেকফাষ্ট এৰি দিলে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।
১) ৰাতিপুৱা একো নোখোৱাকৈ থাকিলে ওজন বৃদ্ধি হব পাৰে। ওজন নিয়ন্ত্ৰণৰ বাবে প্ৰথম চৰ্ত হ’ল ৰাতিপুৱা গধুৰ আহাৰ গ্ৰহণ কৰা। দীৰ্ঘদিন উপবাসে থাকিলে শৰীৰত উচ্চ কেলৰিযুক্ত খাদ্যৰ চাহিদা বৃদ্ধি পায় । ভোক পূৰণ কৰিবলৈ তেতিয়া চৰ্বিযুক্ত আৰু চেনিযুক্ত খাদ্য বাছি খোৱাৰ প্ৰয়োজন হয় ৷ ই ওজন বৃদ্ধি কৰে।
২) ৰাতিপুৱাৰ পৰা বহুদেৰিলৈ উপবাসে থকাৰ পিছত খাদ্য খোৱাৰ ফলত তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পাব পাৰে। ব্ৰেকফাষ্ট এৰি দিলে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়।
৩) ব্ৰেকফাষ্ট এৰি দিলে পিছৰ জীৱনত ডিমেনচিয়াৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। স্মৃতিশক্তি হেৰুৱা, চিন্তাত অসুবিধা, সিদ্ধান্ত ল’ব নোৱাৰা আদি একাধিক সমস্যাক চিকিৎসাৰ ক্ষেত্ৰত ‘ডিমেনচিয়া’ বুলি কোৱা হয়। সময়মতে ব্ৰেকফাষ্ট খালে ডিমেনচিয়াৰ সম্ভাৱনা কম হয়।