শৰীৰ সুস্থ কৰি ৰাখিবলৈ ভিটামিন চি অতি উপযোগী উপাদান। এই ভিটামিনে বিভিন্ন সংক্ৰমণৰ সম্ভাৱনা কম কৰি শৰীৰক সুস্থ কৰি ৰাখে। লগতে যিকোনো ঠাইত ঘাঁ হ’লে সোনকালে ভাল হোৱাত সহায় কৰে। এই ভিটামিন বিভিন্ন ৰোগৰ সম্ভাৱনা কমোৱাত উপযোগী। এই ভিটামিনে ৰক্তচাপ আৰু ইউৰিক এচিড নিয়ন্ত্ৰণ কৰে। শৰীৰত আইৰণ, এন্টিঅক্সিডেন্টৰ মাত্ৰা বৃদ্ধি কৰে। হৃদৰোগ আৰু ডিমেনচিয়াৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে। বিভিন্ন ধৰণৰ খাদ্য আৰু ফলমূলত ভিটামিন চি থাকে। বহুতে হয়তো নাজানে, কিছুমান মছলাত ভিটামিন চিও থাকে। যিটো ৰন্ধা-বঢ়াত দিলে শৰীৰত ভিটামিন চিৰ অভাৱ পূৰণ হ’ব।
১) জালুকক মছলাৰ ৰজা বুলি কোৱা হয়। বিভিন্ন গুণৰ বাবেই এনে নাম। ঠাণ্ডা লাগিলে তুলসী পাত আৰু জালুক দি পানী উতলাই খাব লাগে। ইয়াৰ মূল কাৰণ হ’ল ভিটামিন চিৰ উপস্থিতি।
২) তেজপাত ৰন্ধা সময়ত সোৱাদৰ বাবে যোগ কৰা হয়। এই পাতে কেৱল ভিটামিন চি প্ৰদান কৰাই নহয়, ইয়াৰ আন উপকাৰো আছে। ইয়াত ভিটামিন এৰ পৰা আৰম্ভ কৰি ফলিক এচিডলৈকে সকলো উপাদান আছে।
৩) জলকীয়াৰ গুড়িয়ে কেৱল আঞ্জাৰ ৰং সলনি কৰি পেলায় নেকি? ইয়াৰ উপৰিও ইয়াত ভিটামিন চি থাকে। এই মছলাবিধে যিকোনো ৰোগ দূৰ কৰাত সহায় কৰে।