সাহসী ভগ্নী’ , মৃত্যুৰ উপত্যকাত ১৭ ঘণ্টা ধৰি ভাতৃক দিলে নিৰাপত্তা । বিশ্বজুৰি এক ভাইৰেল ভিডিঅ’ দেখিলে আপোনাৰো গা- ৰ নোম শিঁয়ৰি উঠিব । হয় মই কবলৈ লৈছোঁ এটা জীয়া কাহিনী । তুৰ্কী আৰু ইয়াৰ চুবুৰীয়া দেশ চিৰিয়াত বিধ্বংসী ভূমিকম্পই জোকাৰি যোৱাত বহু হৃদয় বিদাৰক ছবি পোহৰলৈ আহিছে ।
দুয়োখন দেশতে হোৱা তীব্ৰ ভূমিকম্পই কেৱল মাত্ৰ ধ্বংসৰ চিহ্ন এৰি গৈছে । বুধবাৰে ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা ১৫,০০০ অতিক্ৰম কৰিছে । তাৰ মাজতে সামাজিক মাধ্যমত এটা হৃদয়বিদাৰক ভিডিঅ’পোহৰলৈ আহিছে ।ভিডিঅ’টোত এগৰাকী সাত বছৰীয়া চিৰিয়ান শিশুয়ে ধ্বংসস্তূপত তাইৰ সৰু ভায়েকক সুৰক্ষা দিয়া দেখা পোৱা গৈছে । ধ্বংসাৱশেষৰ তলত সোমাই যোৱাৰ স্বত্বেও শিশুটিয়ে ভায়েকক নিৰন্তৰ সুৰক্ষিত অনুভৱ কৰাই আছে ।
ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে ৭ বছৰীয়া শিশুটিয়ে ১৭ ঘণ্টা নিজে ধ্বংসাৱশেষৰ তলত সোমাই থকাৰ পিছতো তেওঁৰ ভাতৃৰ মুৰত হাতেৰে ধৰি নিৰাপত্তা দি আছিলে । বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে টুইটাৰত ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, “এই সাহসী ছোৱালীজনীৰ বাবে অন্তহীন প্ৰশংসা।”
তেওঁলোক ১৭ ঘণ্টা জুৰি ধ্বংসাৱশেষৰ তলত সোমাই আছিলে আৰু সেই ১৭ ঘণ্টা তেওঁ ভাতৃক নিৰাপত্তা দি আছিল । মই ভিডিঅ’টো শ্বেয়াৰ কৰা কাকো দেখা নাই । যদি তাইৰ কিবা হৈছে, সকলোৱে ইয়াক ভাগ বতৰা কৰিব!