সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ‘য়ে এতিয়া চিন্তিত কৰি তুলিছে দেশৰ সচেতন মহলক।৩১ জুলাই তাৰিখে টুইটাৰত প্ৰকাশ হোৱা এই ভিডিঅ‘ টোত লক্ষ্ণৌৰ এগৰাকী যুৱতীয়ে এজন কেবচালকক সামান্য এটা ভুলৰ বাবে উপৰ্যুপৰি চৰ সোধাইছে।ভিডিঅ‘টোৰ তলত লিখা আছিল,“Viral Video:A Girl Continuously Beating a Man (Driver of Car)at Awadh Crossing,Lucknow,UP and allegedly Demaging his phone inspite of him asking for Reason.”
ঘটনা অনুসৰি লক্ষ্ণৌ চহৰৰ অৱধ ক্ৰচিংত অসাৱধানতাবশত ৰাস্তা পাৰ হৈ যোৱা এগৰাকী যুৱতীয়ে পিছফালৰ পৰা আহি থকা কেব এখনত খুন্দা মাৰে।খোজকাঢ়ি আহি থকা যুৱতী গৰাকীয়ে কাণত হেড ফ‘ন লগাই আহি আছিল। যিটো নিয়মৰ বাহিৰত হোৱাৰ লগতে যুৱতী গৰাকীৰ অসচেতনতা বুলি ক‘ব পাৰি।
ইয়াৰপিছতে যুৱতী গৰাকীয়ে কেব চালক জনক অসভ্য আচৰণ কৰি ৰাজপথৰ মাজতে উপৰ্যুপৰি চৰিয়াবলৈ ধৰে।আনকি কেব চালকজনৰ ফ‘নটোও যুৱতী গৰাকীয়ে ভাঙি পেলায়।যুৱতী গৰাকীৰ এনে কাৰ্যত হতভম্ব হৈ পৰা কেব চালক জনক বচাবলৈ অহা অন্য এজন লোককো যুৱতী গৰাকীয়ে প্ৰহাৰ কৰে।
এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে যে সমঅধিকাৰৰ নামত কোন দিশে গৈছে দেশৰ নাৰীসমাজ। ভুল-শুদ্ধ বিচাৰ নকৰাকৈ নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰা নাইনে এইগৰাকী নাৰীয়ে? নাৰীবাদৰ নামত এইয়া কি? যিটো সময়ত নাৰীৰ অধিকাৰ আৰু সমতাৰ বাবে বিভিন্ন নাৰী সংগঠন গঢ় লৈ উঠিছে তেনে সময়ত এগৰাকী নাৰীৰ এজন পুৰুষক কৰা এনে ব্যৱহাৰে প্ৰকৃততে কি সূচাইছে?
সমঅধিকাৰৰ শ্ল‘গান ধোৱা চাঙত তুলি এইগৰাকী নাৰীয়ে নাৰীবাদৰ সুবিধা আদায় কৰা নাইনে?বা এনে ঘটনাৰ গ্ৰহণযোগ্যতা আছেনে? মানৱীয়তাৰ চৰম স্খলন এই ঘটনা। নাৰী ,পুৰুষ যিয়েই নহওক কিয় মানৱীয়তাৰ খাতিৰত এই ঘটনা চৰম লজ্জাজনক। আজি এজন পুৰুষে যদি পথৰ ওপৰত এগৰাকী নাৰীক এই ব্যৱহাৰ কৰিলে হেঁতেন , তেতিয়া হয়তো এই ঘটনাক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ পৰ্যন্ত হ‘ল হেতেন বুলিও সচেতন মহলে মত প্ৰকাশ কৰিছে। তেনেক্ষেত্ৰত এনে ঘটনাৰ পুনৰাবৃত্তি নহওক।