বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে বহুলভাৱে ব্যৱহৃত এক এপ হৈছে হোৱাটছএপ। তাৎক্ষণিক ভাৱে বাৰ্তা প্ৰেৰণ কৰিবৰ বাবে এই এপ সহজসাধ্য আৰু অতি সুবিধাজনক। আজিৰ যুগৰ মানুহৰ বাবে এক প্ৰয়োজনস্বৰূপ হৈ পৰা এই এপ বিভিন্ন ব্যৱসায়ৰ ক্ষেত্ৰতো ব্যৱহাৰ হোৱা দেখা পোৱা গৈছে। কিন্তু ইয়াৰ ব্যৱহাৰ বাঢ়ি অহাৰ লগে লগে ইয়াৰ লগত জড়িত ভাল আৰু বেয়া দিশবোৰো চালি জাৰি চোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
হোৱাটছএপে কোনো লোকৰ একাউন্ট নিষিদ্ধ কৰি দিব পাৰে যদিহে এই এপৰ কিছুমান নিয়ম ভংগ কৰা হয় আৰু প্ৰয়োজন হ’লে কঠোৰ ব্যৱস্থাও গ্ৰহণ কৰিব পাৰে। প্ৰাপ্ত তথ্য মতে হোৱাটছএপে সমগ্ৰ বিশ্বতে প্ৰায় ২০ লাখতকৈ অধিক একাউন্ট বন্ধ কৰি দিয়াৰ দৰে ঘটনা দেখিবলৈ পোৱা গৈছে।ইতিমধ্যে এবছৰত প্ৰায় ৮ মিলিয়নলৈকে একাউন্ট বিভিন্ন কাৰণত নিষ্ক্ৰিয় কৰিছে এই এপটোৱে ।
হোৱাটছএপ একাউন্ট দুই ধৰণে নিষ্ক্ৰিয় হৈ যাব পাৰে- অলপ সময়ৰ কাৰণে নতুবা চিৰদিনৰ বাবে । যদি কোনো লোকৰ একাউন্ট চিৰদিনৰ বাবে নিষ্ক্ৰিয় কৰি দিয়া হয় তেন্তে তাক আকৌ সক্ৰিয় কৰিব নোৱাৰি । কিন্তু নিৰ্দিষ্ট সময়ৰ বাবে বন্ধ কৰি দিয়া একাউন্ট আকৌ সক্ৰিয় কৰিব পৰা যায় ।
হোৱাটছএপে কোনো লোকৰ একাউন্ট নিষিদ্ধ কৰি দিয়াৰ কাৰণ সমূহ হ’ল –
- কোনো লোকে যদি আন লোকক হোৱাটছএপৰ জৰিয়তে স্পেম মেছেজ (spam message) পঠিয়াই তেন্তে মেছেজ পোৱা লোকজনে ৰিপোৰ্ট কৰিলে তেনে ধৰণৰ একাউন্ট কঠোৰ ব্যৱস্থাৰ সন্মুখীন হ’ব লগীয়া হয় ।
- কিছুমান একাউন্টে যদি জনাই নজনাই কোনো নিৰ্দিষ্ট নম্বৰলৈ ১০০০তকৈ অধিক মেছেজ প্ৰেৰণ কৰে তেন্তে তেনে নম্বৰ হোৱাটছএপৰ নিৰীক্ষণলৈ আহি পৰে । ফলত কেতিয়াবা তেনে একাউণ্ট নিষ্ক্ৰিয় কৰি দিয়া হয়।
- হোৱাটছএপৰ লগতে বহুতো লোকে থাৰ্ড পাৰ্টি এপ ব্যৱহাৰ কৰে । এইবোৰ হৈছে হোৱাটছএপ ম’ড ( WhatsApp Mode) , হোৱাটছএপ পালছ (WhatsApp Pulse) আৰু, জি বি হোৱাটছএপ ( G B WhatsApp) । এইধৰণৰ এপ ব্যৱহাৰ কৰিলে কোম্পানীয়ে একাউন্ট নিষ্ক্ৰিয় কৰি দিব পাৰে ।
- কোনোবা অসৎ লোকে হোৱাটছএপ একাউন্ট হেক কৰিবলৈ চেষ্টা কৰিলে কোম্পানীয়ে আইনী সহায় লৈ ট্ৰেক কৰি তেনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ।
- আনহাতে নিজৰ লগতো তেনে ঘটনা সংঘটিত হ’লে তাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পৰা সুবিধা আছে। চাইবাৰ ক্ৰাইম বিভাগত তেনে লোকৰ বিৰুদ্ধে গোচৰ দিব পৰা যায়। তেনে কৰিলে কোম্পানীয়ে হোৱাটছএপ হেক কৰাৰ বাবে আইনী জাননী (Legal notice) দিব পাৰে ।
- বহু ক্ষেত্ৰত দেখা যায় যে কোনো অসৎ লোকে হোৱাটছএপৰ জৰিয়তে আন লোকক দাবি-ধমকি দিয়া, ভীতি প্ৰদৰ্শন কৰি কোনো কাৰ্য জুৰ-জুলুমকৈ কৰোৱাব বিচৰা নতুবা বিৰক্তিকৰ ফটো- ভিডিঅ‘ পঠিয়াই ব্লেকমেইল কৰিবলৈ চেষ্টা কৰে।গতিকে আন লোকৰ সুৰক্ষাৰ স্বাৰ্থত হোৱাটছএপে তেনে অসৎ লোকৰ একাউন্ট চিৰদিনৰ বাবে নিষিদ্ধ কৰি দিয়াৰ লগতে উক্ত লোকজনৰ ওপৰত আইনী ব্যৱস্থা ল’বলৈ জাননী দিব পাৰে ।