এজনী ছোৱালীৰ অনন্য ইচ্ছাক সন্মান জনাই লছ এঞ্জেলছ কৰ্তৃপক্ষই ছোৱালীজনীক প্ৰথম বাৰৰ বাবে প্ৰদান কৰিলে অনুজ্ঞাপত্ৰ ৷
ছোৱালীজনীয়ে আৱেদন কৰিছিল যে যদিহে তেওঁ কেতিয়াবা এই পৌৰাণিক জীৱটোক বিচাৰি পায় তেন্তে তেওঁ যেন ইয়াক লগত ৰাখিব পাৰে ।মেডেলাইন নামৰ এই ছোৱালীজনীয়ে কাউন্টি অৱ লছ এঞ্জেলছ ডিপাৰ্টমেণ্ট অৱ এনিমেল কেয়াৰ এণ্ড কণ্ট্ৰললৈ এখন হাতেৰে লিখা চিঠি প্ৰেৰণ কৰি ইউনিকৰ্ণ এটা ৰাখিবলৈ অনুৰোধ জনায়।
১৪ নৱেম্বৰত তেওঁ কৰা এই অৱেদন পত্ৰত মেডেলিনে লিখিছে যে তেওঁ যদি ইউনিকৰ্ণ এটা বিচাৰি পাই তেন্তে যেন তেওঁ এই ইউনিকৰ্ণটো তেওঁৰ লগত ৰাখিব পাৰে তাৰ বাবে তেওঁ এনিমেল কেয়াৰ এণ্ড কণ্ট্ৰলৰ অনুমোদন বিচাৰিব। সেয়েহে তেওঁ ইয়াৰ উত্তৰ তেওঁলৈ লিখিত ৰূপত পঠিয়াবলৈ কৰ্তৃপক্ষক অনুৰোধ কৰে ৷ আচৰিত যে দুসপ্তাহৰ পাছত ছোৱালীজনীয়ে বিভাগটোৰ পৰা সঁহাৰি লাভ কৰে ।
এটা ইউনিকৰ্ণ বিচাৰি নোপোৱালৈকে তেওঁৰ লগত ৰাখিবৰ বাবে অনুমতি পত্ৰখনৰ লগতে তেওঁলৈ পঠিওৱা হৈছিল এটা ষ্টাফড ইউনিকৰ্ণ আৰু তাত “স্থায়ী ইউনিকৰ্ণ অনুজ্ঞাপত্ৰ” লিখা হৃদয় আকৃতিৰ, গোলাপ ৰঙৰ ধাতুৰ এটা টেগ ।
এই সন্দৰ্ভত কাউন্টি ডিপাৰ্টমেণ্ট অৱ এনিমেল কেয়াৰ এণ্ড কণ্ট্ৰ’লৰ সঞ্চালিকা মাৰ্চিয়া মায়েডাই কয় যে যুৱক-যুৱতীসকলে জীৱ-জন্তুক আশ্ৰয় প্ৰদান কৰাৰ চিন্তা কৰাটো সদায় উৎসাহজনক৷ সেয়েহে লছ এঞ্জেলছ কাউন্টিত এটা ইউনিকৰ্ণ ৰখাৰ বাবে আগতীয়াকৈ অনুমতি বিচৰা মেডেলাইনৰ দায়িত্বশীল পোহনীয়া জন্তুৰ মালিকীস্বত্বৰ মনোভাৱক তেওঁলোকে প্ৰশংসা কৰিছে আৰু সেয়ে তেওঁলোকে মেডেলাক প্ৰি-এপ্ৰুভড ইউনিকৰ্ণ লাইচেন্স প্ৰদান কৰিলে।
পৌৰাণিক এই জীৱটো ৰখাৰ চৰ্তসমূহৰ ভিতৰত আছিল যে ইউনিকৰ্ণটোক সূৰ্য্যৰ পোহৰ, চন্দ্ৰৰ ৰশ্মি আৰু ৰামধেনুৰ যথেষ্ট সংস্পৰ্শৰ ব্যৱস্থা কৰিব লাগিব আৰু মাহত অন্ততঃ এবাৰ কোমল কাপোৰেৰে শিংটো পলিচ কৰিব লাগিব।ইয়াত লগতে কোৱা হৈছে যে ইউনিকৰ্ণত ব্যৱহৃত গ্লিটাৰ জৈৱ-বিঘ্নিত আৰু বিষাক্ত হ’ব নালাগিব আৰু ইয়াক সপ্তাহত অন্ততঃ এবাৰকৈ ইয়াৰ প্ৰিয় তৰমুজ খুৱাব পাৰিব।
উল্লেখযোগ্য যে সংস্থাটোৱে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত চিঠিপত্ৰ, অনুজ্ঞাপত্ৰ, মেডেলিয়ন আৰু ষ্টাফড খেলনাটোৰ ছবি পোষ্ট কৰিছিল, য’ত ছোৱালীজনীৰ উপাধিটো অস্পষ্ট কৰি ৰখা হৈছিল।