কানাডাত অলপতে জলবায়ুৰ পৰিৱৰ্তনৰ বাবে চিকিৎসাধীন হোৱা এজন ৰোগীৰ খবৰ পোহৰলৈ আহিছে। কেৱল জলবায়ু পৰিৱৰ্তনৰ বাবে চিকিৎসাধীন হোৱা এইজন ৰোগী বিশ্বৰ প্ৰথমজন ব্যক্তি বুলি উল্লেখ কৰিছে।
কলম্বিয়াৰ কোটনে অঞ্চলত ১৬০০ তকৈও বেছি বনজুইৰ ঘটনা সংঘটিত হৈছে। জলবায়ুৰ পৰিৱৰ্তনৰ ফলত অঞ্চলটো অধিক শুষ্ক হৈ পৰিছে। ফলত জহৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। অত্যাধিক জহৰ ফলত বহুতো ব্যক্তিৰ মৃত্যুৰ বাতৰিও পোহৰলৈ আহিছে।
জলবায়ুৰ পৰিৱৰ্তনৰ বাবে চিকিৎসাধীন হোৱা ব্যক্তিজনৰ শ্বাস প্ৰশ্বাসত সমস্যা হৈছে। জলবায়ুৰ পৰিৱৰ্তনে প্ৰভাৱিত কৰা বিশ্বৰ প্ৰথমজন চিকিৎসাধীন ব্যক্তিৰ খবৰে সকলোৰে মনত শংকা ওপজাইছে। বৰ্তমান দ্ৰুত গতিত পৰিৱৰ্তন হোৱা জলবায়ুৱে পৃথিৱীৰ আয়ুস কমাই আনিছে। প্ৰকৃতি সুৰক্ষা বিষয়টো অধিক গুৰুত্ব আৰোপ কৰাৰ প্ৰাসংগিকতা আহি পৰিছে।