কেন্দ্ৰীয় চৰকাৰৰ অনুদানেৰে সৰুসজাইত নিৰ্মাণ কৰা উত্তৰ-পূবৰ প্ৰথমখন ডিআৰডিঅ‘ ক’ভিড হাস্পাতালত এক নতুন ৰোগ ধৰা পৰিছে।স্কাৰ্ব টাইফাছ নামৰ এই নতুন ৰোগত আক্ৰান্ত হৈছে চিকিৎসক নাৰ্চ সহ মুঠ চাৰিজনকৈ লোক।
খবৰ অনুসৰি ইয়াৰভিতৰত ক’ভিড ৰোগীও আক্ৰান্ত হৈছে এই ৰোগত।চিকিৎসালয় খনত দেখা দিয়া এই নতুন ৰোগৰ বাবে ৰোগী সকলক তাৎক্ষণিকভাবে স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।
এই ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সৰুসজাইত থকা ক’ভিড ৰোগী সকলৰ চিকিৎসা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হ’ব বুলি জানিব পৰা গৈছে।হাস্পাতালখনত চিকিৎসাধীন হৈ থকা ২৪ গৰাকী ৰোগীক জি এম চি এইচ লৈ অনা হ’ব।
এতিয়া একাংশই অভিযোগ কৰি কৈছে যে হাস্পাতালখনৰ কদৰ্যময় পৰিবেশ তথা অস্বাস্থ্যকৰ পৰিবেশৰ বাবেই হাস্পাতালখনত এই নতুন ৰোগৰ বেক্টেৰিয়া বিয়পিছে।যিহেতু হাস্পাতাল কৰ্তৃপক্ষই সময়ে সময়ে ল’বলগীয়া যতন নোলোৱাৰ বাবেই এই ধৰণৰ ৰোগ হ’বলৈ পাইছে।