সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি পৰ্দাৰ অভিনেতালৈকে বহুতে ওজন কম কৰিবলৈ ওটছ্ৰ ওপৰত নিৰ্ভৰ কৰে। ওজন কমাবলৈ ওটছ্ৰ উপকাৰিতাৰ বিষয়ে সকলোৱে জানে ৷ ওটছ্ৰ আছে একাধিক উপকাৰ । ভিটামিন, খনিজ পদাৰ্থ, এন্টি অক্সিডেন্টৰে সমৃদ্ধ ওটছে্ কেইবাটাও ৰোগৰ পৰা শৰীৰ সুস্থ কৰি ৰাখে ৷
তেজৰ স্বাস্থ্য সুৰক্ষিত কৰিবলৈ
ওটছ্ খালে শৰীৰত থকা বেয়া কলেষ্টেৰলৰ পৰিমাণ কমি যায়, যাৰ ফলত এথেৰ’স্কলেৰ’ছিছৰ সম্ভাৱনা কম হয়। ইয়াৰ উপৰিও ওটছ্ত এভেনান্থ্ৰামাইড নামৰ এক প্ৰকাৰৰ এন্টিঅক্সিডেন্ট থাকে। এই এন্টিঅক্সিডেন্টবোৰে প্ৰদাহ কমোৱাত সহায় কৰে।
কোষ্ঠকাঠিন্য হ্ৰাস কৰে
ওটছ্ত প্ৰচুৰ পৰিমাণে আঁহ থাকে। বিশেষকৈ চিকিৎসকে কয় যে ওটছ্ত থকা বিটা-গ্লুকন নামৰ এবিধ আঁহ পেটৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত অতি উপযোগী। আঁহযুক্ত খাদ্যই কোষ্ঠকাঠিন্যৰ সমস্যা কমোৱাত সহায় কৰে।
ডায়েবেটিছ নিয়ন্ত্ৰণ
ডায়েবেটিছ ৰোগীয়ে সদায় কি খাব আৰু কি নাখাব সেই লৈ চিন্তাত থাকে। ডায়েবেটিছ ৰোগীৰ বাবে ওটছ্ এটা ভাল বিকল্প হ’ব পাৰে। লগতে ওটছ্ত থকা আঁহে বিপাকীয় ক্ৰিয়া লেহেমীয়া কৰিব পাৰে। ফলত তেজত শর্কৰাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা কমি যায়।
ষ্ট্ৰোকৰ সম্ভাৱনা কম কৰে
চিকিৎসকৰ মতে, ওটছ্ত কিছুমান বিশেষ উপাদান থাকে যিয়ে ৰক্তবাহী নলীক সুৰক্ষা দিয়ে। ক্ষতিগ্ৰস্ত ৰক্তবাহী নলী পুনৰ স্বাভাৱিক হৈ পৰে। ইয়াৰ ফলত ষ্ট্ৰোকৰ সম্ভাৱনা কম হয়। কিন্তু মনত ৰাখিব, সকলোৰে শৰীৰ সমান নহয়। গতিকে যিকোনো খাদ্য খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।