মুখত ব্ৰণৰ, লগতে মুকলি ছিদ্ৰৰ সমস্যাও আহে। যাৰ বাবে ফাকুৱাৰ সময়ত ঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ ভয় কৰে নেকি ? আনহাতে, মুখত বিভিন্ন ৰং লগোৱাৰ পিছত ছালৰ সমস্যা হোৱাৰ আশংকাত ভোগে নেকি ? বহুতে ছাল আৰু চুলিৰ ক্ষতি ৰোধ কৰিবলৈ বনৌষধি ৰং ব্যৱহাৰ কৰে। কিন্তু সকলোৱে এনেকুৱা ৰং থাকিব বুলি কোনো যুক্তি নাই। ৰাসায়নিক ৰঙযুক্ত ফাকুগুড়িয়ে আপোনাৰ ছালৰ সমস্যাৰ সৃষ্টি কৰে ৷ কিন্তু কিছুমান কথা আগতীয়াকৈ জানিলে এনে সমস্যাৰ পৰা হাত সাৰিব পাৰি।
১) আপুনি কেনেধৰণৰ ৰং ব্যৱহাৰ কৰিছে?
মুখৰ ব্ৰণ এদিনতে আৰোগ্য কৰিব নোৱাৰি। কিন্তু ৰাসায়নিক ৰঙে যাতে এই সমস্যা আৰু বৃদ্ধি নকৰে তাৰ যত্ন ল’ব লাগিব। তেনে ক্ষেত্ৰত বনৌষধি ৰং কিনাৰ বাহিৰে কোনো গতি নাথাকে।
২) বৰফ ঘঁহিব পাৰে
ৰঙৰ সৈতে খেলিবলৈ যোৱাৰ আগতে মুখত বৰফ ভালদৰে ঘঁহিব পাৰে। ই ছালখন আৰ্দ্ৰ কৰি ৰাখিব আৰু লগতে মুখৰ খোলা ছিদ্ৰবোৰ বন্ধ কৰাত সহায় কৰিব। ফলত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ ছালৰ গভীৰতালৈ সোমাব নোৱাৰে।
৩) চাফ-চিকুণ কৰা
ৰং লগোৱাৰ পিছত লগে লগে মুখখন চাফা কৰি লওক। অৱশ্যে এই ক্ষেত্ৰত কেৱল ফেচ ৱাশ্বৰ দ্বাৰা মুখ ধুব নালাগে। প্ৰথমে তেলেৰে, তাৰ পিছত ক্লিনজাৰেৰে আৰু শেষত ফেচ ৱাছেৰে বিভিন্ন পদক্ষেপত মুখখন চাফা কৰিব পাৰে।
৪) আৰ্দ্ৰ কৰি ৰাখক
খেলিবলৈ ওলাই যোৱাৰ আগতে মুখত অধিক তেল বা মইশ্ব’ৰাইজাৰ লগাব লাগে। ছালৰ আৰ্দ্ৰতা বজাই ৰখাৰ লগে লগে মুখৰ পৰা ৰংটো সহজে ওলাই গুচোৱাত সহায়ক হ’ব ৷
৫) ছানস্ক্ৰীণ
সাধাৰণতে মুকলি ঠাইত ৰং খেলা হয়। গতিকে ৰঙৰ সৈতে খেলাৰ আগতে ছানস্ক্ৰীণ লগাবলৈ নাপাহৰিব। ৰঙৰ উপৰিও এই ছানস্ক্ৰীনে ছালখনক সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰিব পাৰে।