সকলোৱে চিনি পোৱা এবিধ ফুল চজিনাৰ ফুল । সৰু সৰু ফুলবোৰ ঔষধি গুণেৰে ভৰপূৰ। চজিনাৰ ফল দীঘল দীঘল হয় আৰু এইবোৰ চবজি হিচাপে খোৱা হয় আৰু যথেষ্ট উপকাৰী পাচলি। ঔষধি গুণেৰে ভৰা চজিনাৰ পাতবোৰ শাক হিচাপেও খাব পাৰি।
আপুনি জানিলে আচৰিত হ’ব চজিনাৰ ফুল বসন্তৰ প্ৰতিষেধক হিচাপে কাম কৰে। ফাগুন-চ’ত মাহত ঋতু পৰিৱৰ্তনৰ কাৰণে চৰ্দি-জ্বৰ-কাহ আদিৰ সমস্যা হৈয়ে থাকে। এই সময়ত বতৰ ধুলিময় হয় আৰু বসন্ত ৰোগ আদিয়ে দেখা দিয়ে বাবে এই সকলোবোৰৰ পৰা পৰিত্ৰান পাবলৈ চজিনাৰ ফুল খাব লাগে। প্ৰাচীন কালৰে পৰা আইতা হঁতৰ মুখে মুখে চলি আহিছে যে ফাগুন-চ’ত মাহত চজিনাৰ ফুল খালে বসন্ত ৰোগ নহয় অৰ্থাৎ চজিনাৰ ফুল বসন্তৰ প্ৰতিষেধক হিচাপে কাম কৰে।
চজিনাৰ গছক অলৌকিক গছ বুলিও কোৱা হয়। আইৰণ-পটাছিয়াম থকা বাবে চজিনাৰ পাত হাৰ্টৰ বাবে অতি উপকাৰী। চজিনাৰ পাতে কলেষ্টেৰল কমায় , উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, হজম শক্তি বৃদ্ধি কৰে আৰু ডায়বেটিছ কমায়।চজিনাৰ পাত কেঞ্চাৰ প্ৰতিৰোধক। এজমা ৰোগৰ বাবেও চজিনাৰ পাত উপকাৰী।
চজিনাত প্ৰচুৰ পৰিমাণে কেলছিয়াম , ফছফৰাছ, খনিজ দ্ৰব্য, কাৰ্ব’হাইড্ৰেট আদি থাকে। বাত বিষ থকা লোকৰ বাবে চজিনা যথেষ্ট উপকাৰী। ইয়াৰ উপৰিও চজিনাৰ পৰা তৈয়াৰ হোৱা তেল বাত ৰোগীৰ বাবে খুবেই উপকাৰী।
বিশেষকৈ এই সময়চোৱাত ঠাণ্ডা লাগি বুকু আৰু ডিঙিত সংক্ৰমণ হয়। এনে অৱস্থাত চজিনাৰ ফুল খোৱা খুবেই প্ৰয়োজন। তাৰোপৰি ভিটামিন এ, বি ১, বি ২, বি ৩, মেগনেছিয়াম আৰু প্ৰোটিনেৰে সমৃদ্ধ সৰু সৰু চজিনাৰ ফুলবোৰ।
চজিনাৰ ফুল বহুতেই খায় কিন্তু এই ফুলবোৰ কেনেকৈ খালে পুষ্টিগুণ নষ্ট নোহোৱাকৈ থাকিব সেই বিষয়ে জনাটো অতি প্ৰয়োজন। চজিনাৰ ফুল ভাজি খাব পাৰি বা অতি জুতি লগাই বেচনৰ লগত বড় বনাই খাব পাৰি। কিন্তু সকলো সময়তে ভাজি খোৱাটো উচিত নহয়। আলু বা আন পাচলিৰ লগত চজিনাৰ ফুল ৰান্ধি খাব পাৰি। চজিনাৰ ফলৰ তৰকাৰীৰ লগত চজিনাৰ ফুল মিহলাই ৰান্ধিও খাব পাৰি।
গতিকে এই ধুলিময় বতৰত চজিনাৰ ফুল খোৱাটো অতি প্ৰয়োজনীয়।