কার্যালয়ৰ কামৰ বাবে আপুনি অতি সোনকালে বিচনা এৰিব লগীয়া হয় নেকি ? মন নগ’লেও কর্তব্যৰ খাতিৰত আপুনি বিচনা এৰি আহে নেকি ? ইয়াৰ ফলত আপোনাৰ শৰীৰত প্ৰভাৱ পৰিব পাৰে ৷
১) পৰ্যাপ্ত টোপনিয়ে গোটেই দিনটো কামত মনোনিৱেশ কৰি থকাত সহায় কৰে। যদি টোপনি ভাল হয়, তেন্তে কেৱল শৰীৰেই নহয়, মনটোও ভালে থাকে। যদি কেঁচা টোপনি ভাঙি যায়, তেন্তে তেনে ক্ষেত্ৰত শৰীৰে কোনো কামকে সমৰ্থন নকৰে। কম কামত ভাগৰুৱা অনুভৱ হয়। কেইবাদিনো এনেকৈ থাকিলে স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে।
২) চিকিৎসকে কয় যে কোনোবাই জোৰকৈ সাৰ পাবলৈ চেষ্টা কৰিলে শৰীৰৰ ঘড়ীত প্ৰভাৱ পৰে। টোপনিৰ এটা নিৰ্দিষ্ট চক্ৰ থাকে। এজন প্ৰাপ্তবয়স্ক ব্যক্তিক ৭-৮ ঘণ্টা টোপনিৰ প্ৰয়োজন। বহুতে ৰাতি শুই ৰাতিপুৱা সাৰ পায়। টোপনিৰ চক্ৰ অসম্পূৰ্ণ হৈয়েই থাকে। ই শৰীৰৰ কাৰ্যক্ষমতা হ্ৰাস কৰে।
৩) জোৰকৈ সাৰ পোৱাৰ বাবে অত্যধিক হাৰত ওজন কমি যায়। ফলত বিভিন্ন ধৰণৰ ৰোগে শৰীৰত বাহ সাজিব পাৰে। ৰাতিপুৱা সাৰ পোৱাটো যিমানেই উৎপাদনশীল, সিমানেই সোনকালে সাৰ পোৱাটো অস্বাস্থ্যকৰ। ৰাতিপুৱা সোনকালে সাৰ পাব খুজিলে ৰাতি সোনকালে শোৱা উচিত ৷ টোপনিৰ অভাৱত বহুতো শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।