ৰাতিপুৱা তিয়াই থোৱা বাদাম খোৱাৰ প্ৰথা দীৰ্ঘদিনীয়া। সম্প্ৰতি বাদামৰ ঠাইত বহুতে কাঠবাদাম খায় ৷ অৱশ্যে কাঠবাদামৰ দাম যথেষ্ট বেছি ৷ গতিকে সকলোৱে কাঠবাদাম খাব নোৱাৰে। দুয়োবিধ বাদাম খালে সমান উপকাৰ পায়নে ?
তিয়াই থোৱা বাদামত কি থাকে?
১) বাদাম প্ৰটিনৰ উৎস। এই বাদাম তিয়াই তিয়াই খালে শৰীৰৰ প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰি।
২) বাদামত এক অসংপৃক্ত আৰু বহু অসংপৃক্ত চৰ্বি থাকে। এই দুয়োবিধ চৰ্বি হৃদযন্ত্ৰৰ বাবে উপকাৰী।
৩) ইয়াৰ উপৰিও বাদামত ভিটামিন বি, ই, মেগনেছিয়াম, ফছফৰাছ আৰু মেংগানিজ থাকে। এই সকলোবোৰ ভিটামিন আৰু খনিজ পদাৰ্থ বিভিন্ন শাৰীৰিক কাৰ্য্যৰ বাবে প্ৰয়োজনীয়।
৪) বাদামত বিশেষ ধৰণৰ এন্টিঅক্সিডেন্ট থাকে। যিয়ে প্ৰদাহজনিত সমস্যা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
তিয়াই থোৱা কাঠবাদামত কি আছে?
১) কাঠবাদামতো প্ৰটিন থাকে। কিন্তু বাদামতকৈ কম।
২) বাদামৰ দৰে কাঠবাদামতো মনোঅনচেচুৰেটেড আৰু পলিঅনচেচুৰেটেড চর্বি থাকে। এই দুয়োবিধ চৰ্বি হৃদযন্ত্ৰৰ বাবে উপকাৰী।
৩) অৱশ্যে কাঠবাদামত ভিটামিন ইৰ পৰিমাণ বেছি। এই বাদাম হাড়ৰ বাবেও উপকাৰী কাৰণ ইয়াত কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছ অধিক পৰিমাণে থাকে।
৪) ইয়াৰ বাহিৰেও কাঠবাদামত আঁহ থাকে। তিয়াই থোৱা কাঠবাদাম সহজে হজম হয়। ইয়াৰ উপৰিও এই কাঠবাদামত কেইবাটাও প্ৰয়োজনীয় এন্টিঅক্সিডেন্ট থাকে ।
কিন্তু পুষ্টিকৰ মূল্যৰ ক্ষেত্ৰত কোনটো ভাল?
দুয়োবিধ বাদাম স্বাস্থ্যৰ বাবে উপকাৰী। কোনে কোনবিধ খায় তেওঁৰ ৰুচি আৰু পছন্দৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু পুষ্টিহীনতা বা শৰীৰত কেলচিয়াম আৰু ভিটামিন ডিৰ অভাৱত ভুগি থকা লোকসকলৰ বাবে পুষ্টিবিদসকলে তিয়াই থোৱা বাদাম খোৱাৰ পৰামৰ্শ দিয়ে।