গোলাপফুল প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰতীক। আজিকালি গোলাপৰ দিৱস হিচাপে বিশেষ দিন এটা ধাৰ্য কৰা হৈছে আৰু এই বিশেষ দিনটোত প্ৰিয়জনক গোলাপফুল দিয়া হয়। কিন্তু প্ৰিয়জনক গোলাপফুল দিবলৈ কোনো বিশেষ দিনৰ প্ৰয়োজন আছে জাঁনো ? যি কোনো মাহত , যি কোনো দিনত , যি কোনো সময়ত প্ৰিয়জনক গোলাপ ফুল দিব পাৰি। গোলাপফুল ৰোমাঞ্চৰ প্ৰতীক। আজিকালি যি হিচাপত গোলাপফুল দিয়াৰ বিনিময় প্ৰথা চলিছে তাৰ সমান্তৰালকৈ গোলাপফুলৰ চাহিদাৰ লগতে দাম বহুত বেছি বাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে। এপাহ গোলাপফুলৰ দাম কিমান হ’ব পাৰে বাৰু ? ৫০/১০০ বা ২০০ টকা। কিন্তু আপুনি জানিলে আচৰিত হ’ব এখন হীৰাৰ নেকলেচ বা এখন গাড়ীতকৈও এপাহ গোলাপফুলৰ দাম বেছি হ’ব পাৰে। বিশ্বত বহুত ধৰণৰ গোলাপ আছে তাৰ মাজত কিছুমান গোলাপ সৌন্দৰ্য আৰু সুবাসৰ কাৰণে বিখ্যাত। ইয়াৰ জনপ্ৰিয়তা এয়েযে এই গোলাপবোৰক পৃথিবীৰ সকলোতকৈ দামী গোলাপৰ ভিতৰত ধৰা হয়। জাঁনো আহকচোন এই দামী গোলাপবোৰৰ বিশেষত্বৰ বিষয়ে—
জুলিয়েট ৰোজ:-
জুলিয়েট ৰোজ বিশ্বৰ সকলোতকৈ দামী গোলাপ। এই গোলাপ সকলোৰে পক্ষে কিনা সহজ নহয়। এই গোলাপৰ খেতি কৰাটোও যথেষ্ট কষ্টকৰ। বহুত পৰিশ্ৰমৰ ফলতহে ফুল ফুটোৱা সম্ভৱ হয়। জুলিয়েট ফুলৰ দাম ১১২ কোটি টকা। এই ফুলৰ খেতি কৰাত যথেষ্ট খৰচ বহন কৰিব লগীয়া হয় প্ৰায় ৫ মিলিয়ন ডলাৰ। জুলিয়েট ৰোজ মানুহৰ মাজত প্ৰথম আহিছিল
২০০৬ চনত , তেতিয়া তাৰ খৰচ আছিল ৯০ কোটি টকা। সময়ৰ লগে লগে খেতিৰ খৰচ কমি আহি বৰ্তমান ৩ কোটি টকাত উপনীত হৈছে।
অষ্টিন নামৰ এজন ব্যক্তিয়ে প্ৰথমতে জুলিয়েট ৰোজৰ খেতি কৰিছিল। তেখেতে বিভিন্ন জাতৰ গোলাপৰ মিশ্ৰণ ঘটাই এই নতুন ধৰণৰ গোলাপৰ সৃষ্টি কৰিছিল। তাৰোপৰি উইলিয়াম ছেক্সপীয়েৰৰ ‘ৰোমিও জুলিয়েট ‘ নাটকৰ পৰা অনুপ্ৰাণিত হৈ এই ফুলৰ নাম দিয়ে জুলিয়েট ৰোজ। আশ্চৰ্যজনক কথা যে এই গোলাপ ফুলটি জন্ম হওঁতে সময় লাগিছিল প্ৰায় ১৫ বছৰ। জুলিয়েট ৰোজৰ সুবাস অতি পাতল বাবে পাৰফিউমৰ দৰে লাগে আৰু ইয়াৰ সুগন্ধই আন গোলাপৰ পৰা বিশেষ কৰি ৰাখে।
কুদুপল ফুল :-
বিশ্বৰ দামী ফুলৰ তালিকাত আছে কুদুপল ফুল। এই ফুল বছৰত মাথো এবাৰ ৰাতি ফুলে। ইয়াক ভৌতিক ফুল বুলিও কোৱা হয়। কুদুপল ফুল কেৱল শ্ৰী লংকাত হে পোৱা যায়।
ৰথছ চাইল্ড স্লিপাৰ অৰ্কিড :-
ৰথছ চাইল্ড স্লিপাৰ অৰ্কিড ফুল ফুটোতে বছৰ বছৰ লাগি যায় এই ফুলৰ দাম ১ লাখ টকা। এই ফুল প্ৰথম দেখা গৈছিল ১৯৮৭ চনত মালয়েচিয়াৰ কিনাবালু নেশ্যনেল পাৰ্কত। এই ফুলটিক গোল্ড অফ কিনাবালু অৰ্কিড বুলিও কোৱা হয়।
শেনজেন নোঙ্গকে অৰ্কিড :-
শেনজেন নোঙ্গকে অৰ্কিড এতিয়ালৈকে বিক্ৰি হোৱা সকলোতকৈ দামি ফুল। ২০০৫ চনত নিলামত এই ফুলৰ দাম উঠিছিল সৰ্বোচ্চ ২৯০,০০০ ডলাৰ। এই ফুলৰ প্ৰথম খেতি কৰিছিল চীনৰ কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানী সকলে। এই ফুলৰ বিশেষত্ব হ’ল প্ৰতি ৪ বা ৫ বছৰৰ পিছে পিছে ফুলে।