গ্ৰীষ্মকালৰ অস্বস্তিৰ বাবে ৰাজ্যবাসীৰ অৱস্থা শোচনীয় হৈ পৰিছে । ইয়াৰ মাজতে বহুতে ৰ’দ –গৰম নেওচি কামৰ বাবে ওলাই যাব লগা হয়। প্ৰচণ্ড গৰমত ফ্ৰীজত ৰখা ঠাণ্ডা পানীৰ বটলৰ পানী ডিঙিত ঢালি নিদিলে শান্তি নাহে। চিকিৎসকৰ মতে, ৰ’দৰ পৰা উভতি অহাৰ পিছত ঠাণ্ডা পানী খোৱাৰ অভ্যাস শৰীৰৰ বাবে উপকাৰী নহয়। যদিও ই সাময়িক সকাহ দিয়ে, তথাপিও এই অভ্যাস শৰীৰৰ বাবে উপযুক্ত নহয়।
বহুতে ৰ’দৰ পৰা অহাৰ পিছত ঠাণ্ডা পানী খোৱাৰ প্ৰৱণতা থাকে। হঠাতে শৰীৰত ঠাণ্ডা পানীৰ প্ৰবাহৰ ফলত ৰক্তবাহী নলী সংকুচিত হৈ পৰে।ইয়াৰ ফলত বিশেষকৈ চৰ্দি হোৱাৰ আশংকা বৃদ্ধি পায় । শ্বাসনলীত শ্লেষ্মাৰ অতিৰিক্ত তৰপ এটা জমা হয়। ফলত বিভিন্ন ধৰণৰ শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ আশংকা থাকে।
চিকিৎসকৰ মতে, গৰমৰ পৰা উভতি অহাৰ পিছত পানী খোৱাৰ আগতে কিছু সময় বহি জিৰণি লোৱাটো প্ৰয়োজনীয়। শৰীৰৰ ঘাম শুকাই যোৱাৰ পিছত সাধাৰণ পানী সেৱন কৰিব লাগে ৷
ৰ’দৰ পৰা উভতি অহাৰ পিছত বেছিকৈ ঠাণ্ডা পানী খালে আৰু কি কি সমস্যা হ’ব পাৰে?
১) বেছিকৈ ঠাণ্ডা পানী খালে মাইগ্ৰেইন হ’ব পাৰে।
২)ঠাণ্ডা পানীয়ে পাচনতন্ত্ৰৰ সমস্যা বৃদ্ধি কৰে। ইয়াৰ উপৰিও ঠাণ্ডা পানী বেছিকৈ খোৱাৰ বাবে পেটৰ বিষ আৰু ডায়েৰিয়াৰ সমস্যাও হ’ব পাৰে।
৩) যিসকলৰ দাঁতৰ সমস্যা আছে, যদি তেওঁলোকৰ ঠাণ্ডা পানী খোৱাৰ অভ্যাস থাকে তেন্তে সমস্যাটো বৃদ্ধি হ’ব পাৰে ৷
৪) নিয়মিতভাৱে ঠাণ্ডা পানী সেৱন কৰিলে থাইৰ’ক্সিন হৰম’নৰ মাত্ৰা বৃদ্ধি পাব পাৰে। ফলত থাইৰয়ডৰ আশংকা সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰি। ইয়াৰ লগতে টনচিলাইটিছৰ ফলত ডিঙিৰ বিষো হ’ব পাৰে।
৫) শৰীৰৰ যিবোৰ স্নায়ু হৃদস্পন্দন নিয়ন্ত্ৰণ কৰে, সেই স্নায়ুবোৰ অতিৰিক্ত ঠাণ্ডা পানী খোৱাৰ পিছত শিথিল হৈ পৰে। ফলত হৃদস্পন্দন আৰু নাড়ীৰ স্পন্দন কমি যায়। এই পৰিস্থিতিত অৱশ্যে বিপদৰ সৃষ্টি হ’ব পাৰে। ফলত ৰ’দৰ পৰা উভতি অহাৰ পিছত অতি ঠাণ্ডা পানী নোখোৱাই ভাল।
ঠাণ্ডা পানীয়ে শকত কৰে নেকি?
পানী খোৱাৰ লগত মেদবহুলতাৰ কোনো সম্পৰ্ক নাই। ঠাণ্ডা, গৰম বা স্বাভাৱিক উষ্ণতাত পানী খালে ওজন কমাবলৈ সহায় কৰে। বহু গৱেষণাৰ পৰা দেখা গৈছে যে ঠাণ্ডা পানী খালে ওজন কমি যায় ৷