VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা

৫২.৫ হেক্টৰত বিস্তৃত এছিয়াৰ সৰ্ববৃহৎ বাগিচাখন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 13, 2023
in সমাজ
দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

নানাৰঙী ফুলেৰে জাতিষ্কাৰ হৈ উজ্বলি উঠিছে এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ জম্মু-কাশ্মীৰৰ টিউলিপ উদ্যান ৷

লাইফষ্টাইল নামাৰ এক প্ৰতিবেদন অনুসৰি নানাৰঙী ফুলেৰে উজ্বলি উঠিছে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত অৱস্থিত এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ টিউলিপ উদ্যানখন৷মুকলি হোৱাৰ ১০ দিনৰ ভিতৰতে প্ৰায় ১.৩৫ লাখ লোকে উপভোগ কৰিছে এই উদ্যানখনৰ সৌন্দৰ্য্য ।

শ্ৰীনগৰৰ ৫২.৫ হেক্টৰত বিস্তৃত এই ‘ইন্দিৰা গান্ধী টিউলিপ বাগিচা’খন শ্ৰীনগৰৰ বিখ্যাত দল সৰোৱৰ আৰু জাবৰৱান পাহাৰৰ মাজত অৱস্থিত যি ঠাইৰ পৰা উপভোগ কৰিব পাৰি এই বিনন্দীয়া দৃশ্য ।উল্লেখনীয় যে  ইয়াত বিভিন্ন ৰঙৰ ১৬ লাখ টিউলিপ ফুল আৰু ৬৮ জাতৰ টিউলিপ ফুল আছে। টিউলিপ উদ্যানখনৰ তত্বাৱধায়ক ইনাম-উল-ৰহমানে কয় যে এতিয়ালৈকে দৰ্শনাৰ্থীৰ অধিকাংশই ৰাজ্যৰ বাহিৰৰ পৰা অহা পৰ্যটক।

ৰহমানে লগতে কয় যে – এই বাগিচাৰ সুন্দৰ দৃশ্য চাবলৈ এতিয়ালৈকে প্ৰায় ১.৩৫ লাখ দৰ্শনাৰ্থী আহিছে। ইয়াৰে প্ৰায় ৭০ শতাংশই  বাহিৰৰ। যোৱা বছৰ ৩.৬০ লাখ পৰ্যটক আহিছিল বাগিচাখনৰ সৌন্দৰ্য্য চাবলৈ। বাগিচাসমূহ জনসাধাৰণৰ বাবে মুকলি কৰাৰ পিছত এই সংখ্যা আছিল সৰ্বাধিক।

১৬ লাখ টিউলিপৰ উপৰিও এই বাগিচাখনত বসন্তকালীন ফুল যেনে হাইচিন্থ (হাইচিন্থৰ এটা প্ৰজাতি), ডেফডিল, চাইক্লেমেন আদিও দেখা যায়। এইবাৰ উদ্যানখনত চাৰিটা নতুন জাতৰ টিউলিপ সংযোজন কৰা হৈছে আৰু ইয়াৰ পিছত মুঠ জাতৰ সংখ্যা ৬৮টালৈ বৃদ্ধি পাইছে। বহু পৰ্যটক গধূলিলৈকে বাগিচাখনত থাকে বাবে সন্ধিয়াৰ বাবে ইয়াত  পোহৰৰ ব্যৱস্থা কৰা হৈছে।

বিশ্বৰ ভিতৰতে  বিখ্যাত  এই উদ্যানখনক চিৰাজ বাগ বুলিও কোৱা হয়। মুম্বাইৰ এজন পৰ্যটক সুৰমিলে কয় যে তেওঁ এই বাগিচাখনৰ প্ৰেমত পৰিছিল। তেওঁ কয় যে তেওঁৰ এই ঠাইখন ভাল লাগে। এক আচৰিত অভিজ্ঞতা হৈছে তেওঁৰ। পৰিবেশটো বৰ ধুনীয়া। ইয়াৰ বতৰ মুম্বাইতকৈ বেছি ঠাণ্ডা। ৰাজস্থানৰ জয়পুৰৰ আন এজন পৰ্যটক দেৱেন্দ্ৰ সিঙে কয় যে টিউলিপ ফুলাৰ সময়ত   ইয়াত উপস্থিত হৈ তেওঁ  নিজকে ভাগ্যৱান  অনুভৱ কৰে।

Previous Post

ৰ’দৰ পৰা আহিয়েই আপুনি ঠাণ্ডা পানী খায় নেকি ? এই অভ্যাসে শৰীৰৰ কি ক্ষতি কৰে জানেনে ?

Next Post

২৫ বছৰ পুৰণি জোতাৰ দাম ১৮ কোটি টকা, কোনে পিন্ধিছিল এই বিশেষ জোতা ?

Related Posts

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?
সমাজ

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?

May 24, 2023
জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?
সমাজ

জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?

April 4, 2023
ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?
সমাজ

ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?

April 4, 2023
সুৰাৰ বটলত গামোচা বিতৰ্ক
সমাজ

সুৰাৰ বটলত গামোচা বিতৰ্ক

April 4, 2023
নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক  প্ৰদান কৰে এক  অনন্য ট্ৰেকিং অভিজ্ঞতা
সমাজ

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক প্ৰদান কৰে এক অনন্য ট্ৰেকিং অভিজ্ঞতা

March 24, 2023
ভাৰতবৰ্ষত বছৰত দুবাৰকৈ পালন কৰা হয় শ্বহীদ দিৱস
সমাজ

ভাৰতবৰ্ষত বছৰত দুবাৰকৈ পালন কৰা হয় শ্বহীদ দিৱস

March 23, 2023
Next Post
২৫ বছৰ পুৰণি জোতাৰ দাম ১৮ কোটি টকা, কোনে পিন্ধিছিল এই বিশেষ জোতা ?

২৫ বছৰ পুৰণি জোতাৰ দাম ১৮ কোটি টকা, কোনে পিন্ধিছিল এই বিশেষ জোতা ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7