দাঁতৰ গুৰি বিলাক দুৰ্বল হ’লে, সঘনাই দাঁতৰ গুৰি ফুলা ৰোগ হ’লে , দাঁত পোকে খালে আৰু শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে দাঁতৰ বিষ হয়। কেনেদৰে ইয়াৰ পৰা সকাহ পাব পাৰো জানো আহক-
১) ভীমকলৰ পাতৰ মাজৰ কেঁচা ঠাৰি এডাল জুইত অলপ সেকি যিমান সময় পৰা যায় বিষ হোৱা দাঁতেৰে কামুৰি ধৰিলে বিষ নাইকীয়া হয়।
২) বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়ালে দাঁতৰ বিষ আৰু দাঁতৰ যিকোনো ৰোগ ভাল হয়।
৩) মৰাণ আদা খুন্দি দাঁতেৰে চোবাই কিছু সময় বিষ হোৱা দাঁতৰ মাজত ৰাখিলে দাঁতৰ বিষ ভাল হয়।
৪) বাদাম খাব লাগে আৰু বাদাম , আদা আৰু নিমখ পিহি বিষোৱা দাঁতত লগাব লাগে।
৫) ৫ টা লং পিহি নেমুৰ ৰস মিহলি কৰি দাঁত মাজিলে দাঁতৰ বিষ নোহোৱা হয়।
৬) সৰিয়হ তেল , নেমুৰ ৰস আৰু অলপ নিমখ মিহলি কৰি দাঁত মাজিলে দাঁত পৰিষ্কাৰ হয় ,দাঁতৰ বীজানু নাশ হয় আৰু দাঁতৰ বিষ ভাল হয়।
৭) পিপলীৰ গুড়া , ঘিউ আৰু মৌ মিহলাই দাঁত মাজিব লাগে আৰু বিষ হোৱা দাঁতত প্ৰলেপ দিব লাগে।
৮) ভেদাইলতাৰ গুটি পিহি দাঁত মাজিলে বিষ কমে।
৯) হিং এটুকুৰা দাঁতেৰে কামুৰি ধৰিলে দাঁতৰ বিষ নাইকীয়া হয়।
১০) ফিটকিৰি পিহি বিষোৱা দাঁতত লগাব লাগে।