বজাৰৰ পৰা কণী আনি ফ্ৰিজত ভৰাই থোৱাৰ অভ্যাস বহুতৰে আছে। ফ্ৰিজৰ নিয়ন্ত্ৰিত তাপমাত্ৰাত কণী ভালে থাকিবলৈ কণী ফ্ৰিজত থৈ দিয়া হয়। কথা হ’ল ফ্ৰিজত কণী থৈ দিলে কণীৰ পুষ্টি গুণ ঠিকে থাকে নে নাই ? ফ্ৰিজত কণী ৰাখিলে তাৰ মাজত এক ক্ষতিকৰ বেকটেৰিয়া উৎপন্ন হয়। কুকুৰাৰ দৰে বহুত চৰাইৰ পাচনতন্ত্ৰত এই বেকটেৰিয়া থাকে। ফ্ৰিজৰ তাপমাত্ৰা একে ধৰণে থকা বাবে এই ক্ষতিকৰ বেকটেৰিয়া কণীৰ মাজত জীৱিত অৱস্থাত থাকে। ইয়াৰ ফলত খোৱা খাদ্যত বিষক্ৰিয়া বা নানা ধৰণৰ সংক্ৰমণৰ আশংকা বাঢ়ি যায়—-
১) ফ্ৰিজত থকা কণীৰ পৰা পেটৰ সমস্যা হ’ব পাৰে। পুষ্টিবিদ সকলৰ মতে, ফ্ৰিজৰ পৰা কণী উলিয়াই বাহিৰৰ তাপমাত্ৰাত কিছু সময় ৰাখি ৰান্ধি খালে ক্ষতিৰ পৰিমাণ বহুখিনি কমি যায়। বিশেষজ্ঞ সকলে কয় যে দীৰ্ঘদিন ধৰি ফ্ৰিজত থোৱা কণী খালে ডায়ৰিয়াও হ’ব পাৰে।
২) বহুত গৰম হ’লে ফ্ৰিজৰ স্বাভাৱিক তাপমাত্ৰাত কণী ৰাখিব পৰা যায়। কিন্তু বেছিদিন ফ্ৰিজত থৈ দিয়া কণী খাব নালাগে। বহুত দিন ফ্ৰিজত থকা কণী খালে শৰীৰৰ সমস্যা হ’ব পাৰে।
৩) ফ্ৰিজত থকা কণীৰ পুষ্টিগুণ নষ্ট হৈ যায়। সেয়ে ফ্ৰিজত কণী বেছি দিন ৰাখিব নালাগে।
৪) ফ্ৰিজত থোৱা কণী ভালকৈ পৰিষ্কাৰ কৰি থব লাগে। কিয়নো কণীৰ বাকলিত বেকটেৰিয়াৰ চিন থাকি যায় আৰু ইয়াৰ ফলত সংক্ৰমণ হ’ব পাৰে।
৫) ইয়াৰ উপৰিও ফ্ৰিজত কণী থকা বাবে আন আন খোৱা খাদ্যৰ গোন্ধ কণীত আহি যায়। যাৰ ফলত কণীৰ স্বাভাৱিক গোন্ধ আৰু সোৱাদ নোহোৱা হৈ যায়।