VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
April 1, 2023
in অভিমত
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
0
SHARES
48
VIEWS
Share on FacebookShare on Twitter

এপ্ৰিলফুল আহিলেই অৰ্থাৎ এপ্ৰিল মাহৰ ১ তাৰিখ অহাৰ কেইদিন মানৰ আগৰ পৰা নিজকে সঁকিয়াই থাকো এপ্ৰিল ফুল আহিল , সাৱধান হ’বৰ হ’ল। সৰুতে অৰ্থাৎ স্কুলীয়া দিনবোৰত এপ্ৰিল ফুল লৈ বৰ আনন্দ উপভোগ কৰিছিলো। এপ্ৰিলৰ ১ তাৰিখে ৰাতিপুৱা কেনেকৈ কাৰোবাক মিছা কথা কৈ ঠগাব পাঁৰো তাৰ চিন্তাতে থাকো। কাৰোবাক ঠগাব পাৰিলে হাঁহি হাঁহি ক’ব নোৱাৰা হৈ যাওঁ। কেনেবাকৈ নিজে ঠগ খালে লাজ পোৱাৰ লগতে নিজকে বুৰ্বক যেন লাগিছিল। তাৰ পিছত স্কুলত গৈ শিক্ষকক এপ্ৰিলফুল কৰাৰ হেঁপাহ। সদায় শিক্ষকৰ ভয়ত থকা শ্ৰেণী কথাটো যেন সিদিনাখন এটা বেলেগ পৰিবেশ হৈ উঠে। চিয়াহী নথকা কলম শিক্ষকক দিয়া বা আলোচনী আদিত ক’ভাৰ লগাই পাঠ্য-পুথি বুলি ছাৰক দি এপ্ৰিল ফুল কৰাৰ মজাই বেলেগ আছিল। আজি কিছু বছৰ আগলৈকে এপ্ৰিল ফুলক লৈ বহুত আনন্দ-ধেমালী কৰা হৈছিল যদিওঁ বৰ্তমান সময়ত এইবোৰ কথা অৰ্থহীন হোৱাৰ দৰে হৈ গ’ল। এপ্ৰিল ফুল কি হয় তাৰ বিষয়ে ভালকৈ নজনাকৈয়ে এই বিষয়টোলৈ বহুত ফুৰ্তি কৰা তেতিয়াৰ প্ৰজন্মৰ হাতত সময় বহুত আছিল। আজিৰ প্ৰজন্মই মিছা কথা কোৱাৰ দিন এটাৰ বিষয়ে ইমান ভাবি থাকিবলৈ সময়ৰ অভাৱ হ’ল। কিন্তু আমাৰ মনবোৰত এতিয়াও এপ্ৰিল ফুলৰ নিচা এটা লাগিয়ে থাকিল। স্কুল -কলেজ-অফিচত যোৱাৰ আগতে আজি এপ্ৰিলফুল বুলি সকলোকে মনত পেলাই দিয়াৰ দায়িত্ব আজিৰ দিনতো সজীৱ হৈয়ে আছে।
আপুনি যদি ১৯ শতিকাৰ ৭০/৮০/ দশকৰ প্ৰজন্মৰ হয় , শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে বাৰু ? যদি মনত পৰা নাই মনত পেলাব চেষ্টা কৰকচোন ,অজানিতে আপোনাৰো মনত এক অবুজ আনন্দই আগুৰি ধৰিব। কি ঠিক সেই দিনটো আজিও হ’ব পাৰে , যদিহে আপোনাৰ সংযোগত আপোনাৰ প্ৰজন্মৰ ধেমেলীয়া বন্ধু-বান্ধৱী বা আন কোনোবা আছে।

আজি প্ৰায় ১০ বছৰ মান আগৰ কথা। মাতৃ তুল্য মানুহ এগৰাকীয়ে যাক মই বাইদেউ বুলি মাতো (নগাঁওত তেখেতৰ ঘৰত ভাড়া আছিলো ) হঠাতে ফোন কৰি মোক ঘৰৰ ঠিকনা বিচাৰিলে। মইও খুব ফুৰ্তি পালো বাইদেউ আহিব বুলি ঠিকনা দি খোৱা বস্তু অলপ ৰেডি কৰিলো। কিছু সময়ৰ
পিছত ফোন কৰিলে তুমি কোৱা মতে এপাৰ্টমেণ্টটোত আহিছো কিন্তু তোমাৰ ফ্লেটটো বিচাৰি নাপাই তলতে আছো। হাতত ম’বাইল লৈ দৌৰি যোৱাদি গ্ৰাউণ্ড ফ্লৰলৈ গ’লো আৰু বাইদেউক নেদেখি ক’ত বা গ’ল বুলি ভাবি ফোন কৰিলো । লগে লগে ভাঁহি আহিল ‘এপ্ৰিল ফুল’। হাঁহিম নে কান্দিম একো ভাবিয়েই নাপালো। এপ্ৰিল ফুল খোৱা লাজতকৈ বাইদেউ নহাৰ কথাটোহে বেছি দুখ দিলে। প্ৰতি বছৰে এপ্ৰিল ফুলৰ দিনাখন বাইদেউৰ কথা মনত পৰে। তেখেত য’তে আছে কুশলে থাকক। এইযে সৰু সৰু স্মৃতিবোৰে আমাক অকল এদিনৰ কাৰণেই আনন্দ নিদিয়ে । এই আনন্দবোৰে আমাৰ বুকুত ঘৰ সাজে , কঢ়িয়াই লৈ ফুঁৰো সযতনে। সেই আনন্দবোৰ আমি গোটেই জীৱন কালত উপভোগ কৰি থাকিব পাঁৰো।
১ এপ্ৰিলত কিয় ‘এপ্ৰিল ফুল’ দিন পালন কৰা হয় তাৰ কোনো নিৰ্দিষ্ট কাৰণ নাই যদিওঁ এই বিষয়ে বহুত কাহিনী প্ৰচলিত আছে—–
জনা যায় যে , ৰজা ৰিচাৰ্ড জয়ী আৰু বোহেমিয়াৰ ৰাণী এন্নে ১৩৮১ চনৰ ৩২ মাৰ্চত তেওঁলোকৰ এংগেষ্টমেণ্ট হ’ব বুলি ঘোষণা কৰিছিল। এংগেষ্টমেণ্টৰ খবৰ শুনি জনসাধাৰণ সুখী হৈছিল যদিওঁ পিছত বুজি পাইছিল যে মাৰ্চৰ ৩২ তাৰিখেই নাই। জনসাধাৰণে বুজি পালে যে তেওঁলোকক বুৰ্বক বনোৱা হৈছে আৰু ১৩৮১ চনৰ পৰাই ৩২ মাৰ্চ অৰ্থাৎ ১ এপ্ৰিলৰ দিনটো মুৰ্খ দিৱস হিচাপে পালন কৰা হৈছিল। ( কিছুমানৰ মতে ১৩৮২)
কাহিনী অনুসৰি ইউৰোপৰ দেশ সমূহত এপ্ৰিলৰ ১ তাৰিখে নৱবৰ্ষ উদযাপন কৰা হৈছিল। কিন্তু যেতিয়া পোপ গ্ৰেগৰী ১৩ ৰ নিৰ্দেশ অনুসৰি জানুৱাৰীৰ ১ তাৰিখৰ পৰা নতুন কেলেণ্ডাৰ গ্ৰহণ কৰা হ’ল তেতিয়াৰ পৰা জানুৱাৰীৰ ১ তাৰিখত নতুন বছৰ উদযাপন কৰিবলৈ ধৰিলে। কিছুমান লোকে ১ এপ্ৰিলৰ দিনটোতে নতুন বছৰ উদযাপন কৰি আছিল বাবে সেই মানুহবোৰক মুৰ্খ বুলি ঠাট্টা কৰিবলৈ ধৰিলে আৰু এনেকৈয়ে ১ এপ্ৰিল তাৰিখটো মুৰ্খ দিৱস হিচাপে পালন হ’বলৈ ধৰিলে।
১৯ শতিকাৰ ভিতৰত ‘এপ্ৰিল ফুল’ দিন বহুত জনপ্ৰিয় হৈ পৰিছিল।
ভাৰতত ১৯ শতিকাত ইংৰাজ সকলে আৰম্ভ কৰিছিল ‘এপ্ৰিল ফুল’ দিন। আজিৰ দিনতো ভাৰতৰ মানুহে এপ্ৰিলৰ ১ তাৰিখে বন্ধু-বান্ধৱী বা আপোন জনৰ লগত ধেমালী কৰে।

আহকচোন ব্যস্ততাভৰা জীৱনৰ পৰা অকণমান সময় উলিয়াই আমিও উদযাপন কঁৰো ‘এপ্ৰিল ফুল’ দিন। এপ্ৰিলফুল এক অৰ্থহীন বা মুৰ্খৰ দিন হিচাপে গণ্য নকৰি আনন্দ উপভোগ কৰি কাষ চাপি যাওঁ এজনে আনজনৰ ওচৰলৈ । হয়তো এনেবোৰ আনন্দই আমাক বহুত বেমাৰৰ পৰা আঁতৰাই ৰাখিব নাইবা কিছু চিন্তা-ভাৱনাৰ পৰা অলপ সময়ৰ বাবে সকাহ পাবলৈ সক্ষম হ’ম। অৰ্থহীন কথাবোৰো অৰ্থময় কৰি তোলো মানসিক আনন্দৰ কাৰণে ভৱিষ্যতৰ দিনত যিবোৰ আনন্দক স্মৃতি হিচাপে লৈ গুণগুণাব পাৰোঁ প্ৰতিজনে।

Previous Post

কণী ফ্ৰিজত ৰাখে নেকি? ফ্ৰিজত কণী ৰখাটো কিমান ভুল জানেনে বাৰু ?

Next Post

বক্স অফিচতো বলি্উডৰ ছবি বিফলঃ আইপিএলৰ উদ্বোধনী অনুষ্ঠানত নামাতিলে বলিউডৰ তাৰকা, নৃত্যৰে দর্শকক মুহিলে দক্ষিণৰ ৰশ্মিকা-তমান্নাই

Related Posts

আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!
অভিমত

আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!

March 30, 2023
বীণা বৰুৱা আৰু ৰাস্না বৰুৱা নমেৰে জনাজাত ড° বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ স্মৃতি দিৱসত জনাইছোঁ শ্ৰদ্ধাঞ্জলি
অভিমত

বীণা বৰুৱা আৰু ৰাস্না বৰুৱা নমেৰে জনাজাত ড° বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ স্মৃতি দিৱসত জনাইছোঁ শ্ৰদ্ধাঞ্জলি

March 30, 2023
তুৰ্কীৰ ভূমিকম্পত মৃত্যুৰ শীৰ্ষ ২৪,০০০ হোৱাৰ বাবে ক্ৰোধ ,  শোক আৰু প্ৰশ্ন
অভিমত

তুৰ্কীৰ ভূমিকম্পত মৃত্যুৰ শীৰ্ষ ২৪,০০০ হোৱাৰ বাবে ক্ৰোধ , শোক আৰু প্ৰশ্ন

February 11, 2023
আমি ব্যৱহাৰ কৰি থকা প্লাষ্টিকসমূহ প্ৰকৃততে কি?
সংবাদ গুঞ্জন

আমি ব্যৱহাৰ কৰি থকা প্লাষ্টিকসমূহ প্ৰকৃততে কি?

February 7, 2023
ভুতুনী ঠাই হিচাপে পৰিচিত গাওঁখনৰ বিষয়ে আপুনি জানেনে ? এই গাওঁখন ক’ত অৱস্থিত ?
অভিমত

ভুতুনী ঠাই হিচাপে পৰিচিত গাওঁখনৰ বিষয়ে আপুনি জানেনে ? এই গাওঁখন ক’ত অৱস্থিত ?

February 6, 2023
কেদাৰনাথ মন্দিৰৰ বিশেষত্ব
অভিমত

কেদাৰনাথ মন্দিৰৰ বিশেষত্ব

February 6, 2023
Next Post
বক্স অফিচতো বলি্উডৰ ছবি বিফলঃ আইপিএলৰ উদ্বোধনী অনুষ্ঠানত নামাতিলে বলিউডৰ তাৰকা, নৃত্যৰে দর্শকক মুহিলে দক্ষিণৰ ৰশ্মিকা-তমান্নাই

বক্স অফিচতো বলি্উডৰ ছবি বিফলঃ আইপিএলৰ উদ্বোধনী অনুষ্ঠানত নামাতিলে বলিউডৰ তাৰকা, নৃত্যৰে দর্শকক মুহিলে দক্ষিণৰ ৰশ্মিকা-তমান্নাই

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7