পকা অমিতা কেবল সোৱাদযুক্তই নহয়, ই শৰীৰৰ বাবেও বহু উপকাৰী > চিকিৎসকৰ পৰা পুষ্টিবিদলৈকে এই ফলক সকলোৱে ‘ছুপাৰ মেডিচিন’ বুলি গণ্য কৰে। শিশুৰ খাদ্যত পকা অমিতা ৰাখিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থৰ প্ৰাকৃতিক উৎস পকা অমিতা চকুৰ বাবে উপকাৰী। বিটা কেৰটিনেৰে সমৃদ্ধ পকা অমিতাই ছালৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
ইয়াৰ বাহিৰেও পকা অমিতাৰ শৰীৰৰ বাবে কি কি উপকাৰিতা আছে?
১) এন্টি অক্সিডেন্টৰে সমৃদ্ধ
ভিটামিন চি আৰু এণ্টি অক্সিডেন্টৰে সমৃদ্ধ পকা অমিতাৰ কেন্সাৰৰ দৰে দীৰ্ঘদিনীয়া ৰোগৰ নিৰাময়। ইয়াৰ উপৰিও অমিতাত কেৰটিনয়ড, ভিটামিন চি আৰু ই থাকে। ছালৰ বাবে ই অতি গুৰুত্বপূৰ্ণ।
২) হজম শক্তিত সহায় কৰে
পকা অমিতাই মুখৰ সোৱাদ ঘূৰাই আনে। ইয়াৰ উপৰিও ভোক বৃদ্ধি কৰে আৰু পেট পৰিষ্কাৰ কৰে। পেট পৰিষ্কাৰ হ’লে গেছৰ হাৰ্টবাৰ্ণৰ সমস্যাও নিয়ন্ত্ৰণত থাকে। কেৱল সেয়াই নহয়, অৰ্শ ৰোগত আক্ৰান্তসকলক অমিতা খাবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে।
৩) ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিব পৰা
অমিতাই কিন্তু শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এই পকা অমিতাৰ পৰা ১০০ শতাংশ ভিটামিন চি পোৱা যায়। যদি শৰীৰত কোনো ধৰণৰ সংক্ৰমণ হয় তেন্তে পকা অমিতা খাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে।
৪) ওজন কমাবলৈ
পকা অমিতাত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে আন্ত্ৰিক স্বাস্থ্য বজাই ৰখাত সহায় কৰে। ইয়াৰ উপৰিও ই বিপাকীয় হাৰও বৃদ্ধি কৰে। ইয়াৰ উপৰিও ওজন কমাবলৈ খাদ্য গ্ৰহণ কৰাসকলৰ বাবেও পকা অমিতা ভাল।
৫)হৃদযন্ত্ৰৰ স্বাস্থ্য ৰক্ষা কৰে
হৃদযন্ত্ৰৰ সুস্বাস্থ্য বজাই ৰখাৰ বাবে পটাছিয়াম অতি গুৰুত্বপূৰ্ণ। কাৰণ, এই যৌগটোৱে উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ লগত জড়িত সকলো সমস্যা নিয়ন্ত্ৰণ কৰে। পকা অমিতা পটাছিয়ামৰ প্ৰাকৃতিক উৎস।