বছৰটোৰ বাৰ মাহেই আপুনি গেষ্ট্ৰিকৰ সমস্যাত ভুগি থাকে নেকি ? বৰ্তমান জীৱনত ব্যস্ততা, অনিয়ন্ত্ৰিত জীৱনশৈলী, অধিক তেলীয়া খাদ্য খোৱাৰ প্ৰৱণতা, পানী কমকৈ সেৱন কৰাটো গেষ্ট্ৰিকৰ অন্যতম কাৰণ । বিভিন্ন কাৰণত এতিয়া বেছিভাগ মানুহেই ঘৰতকৈ বাহিৰত খাদ্য খোৱাৰ ওপৰত অধিক নিৰ্ভৰশীল। অহৰহ গেছৰ সমস্যাত ভুগি থকাৰ অন্যতম কাৰণ এইটোৱেই। গেছৰ সমস্যাৰ পৰা মুক্তি পাবলৈ শীতকালত নিম্নোল্লিখিত শাক-পাচলি পৰিহাৰ কৰা উচিত ৷
বেঙেনাঃ শৰীৰ সুস্থ কৰি ৰখাতো বেঙেনাৰ ভূমিকা আছে। বহুতে বেঙেনা খাই ভাল পায়। এদিনত বেঙেনা পি্টিকা, মাছৰ জোলত বেঙেনা আৰু লগতে তৰকাৰীত বেঙেনা দি খাই বহুতে ভাল পায় । বেঙেনা খোৱাৰ ফলত গেছ-বুকু জ্বলা-পোৰা কৰা সমস্যাৰ সৃষ্টি হ’ব পাৰে। যদি আপোনাৰ গেছৰ সমস্যা আছে তেন্তে অতিৰিক্ত বেঙেনা নাখালে ভাল।
বীন: শীতকালৰ অন্যতম পাচলি হৈছে বীন ৷ শীতকালীন যিকোনো ৰন্ধা-বঢ়াত বীন যোগ কৰে। ৰন্ধা-বঢ়াৰ সোৱাদ বৃদ্ধি কৰাৰ উপৰিও শৰীৰৰ বাবে ই উপকাৰ অৱশ্যে বেছিকৈ বীন খালে গেছৰ সমস্যা হ’ব পাৰে।
গাখীৰ: অত্যধিক দুগ্ধজাত সামগ্ৰী সেৱন কৰিলে গেছৰ সমস্যা হ’ব পাৰে। যদি আপোনাৰ গেছৰ সমস্যা আছে তেন্তে গাখীৰৰ সামগ্ৰী সাৱধানে খাব লাগে।
আলমণ্ডঃ বহু লোকৰ দুপৰীয়া ভোক লাগিলে আলমণ্ড খোৱাৰ অভ্যাস আছে। বেছিকৈ বাদাম বা বাদামজাতীয় সামগ্ৰী খালে গেছৰ সমস্যা হ’ব পাৰে।
বুটৰ দাইল আৰু ৰাজমাঃ গেছৰ সমস্যা হ’লে এই দুবিধ দাইলো পৰিহাৰ কৰিব লাগে। সম্পূৰ্ণ বন্ধ নকৰিলেও কমকৈ খোৱা ভাল।