কোনোদিনেই বিয়া হোৱাৰ ইচ্ছা নাছিল মহিলগৰাকীৰ , কিন্তু তাৰ মাজতে তেঁও সন্তান জন্ম দি মাতৃ হোৱাৰ ইছা পুহি ৰাখিছিল। আচৰিত যেন লাগিলেও সঁচা যে অৱশেষত অনলাইনৰ জৰিয়তে গৰ্ভৱতী হৈ নিজৰ দ্বিতীয়টি সন্তান জন্ম দিয়ে এগৰাকী মহিলাই।
উল্লেখ্য যে অনলাইত গৰ্ভৱতী হোৱাৰ বিভিন্ন তথ্য আহৰণ কৰি নিজে নিজেই সন্তান ধাৰণ কৰে মহিলাগৰাকীয়ে। ১০ মাহ গৰ্ভধাৰণ কৰাৰ পাছত অৱশেষত তেঁও স্বাস্থ্যৱান এটি কন্যা সন্তান জন্ম দিয়ে । অনলাইনৰ তথ্যৰ ভিত্তিত জন্ম হোৱা বাবে মাতৃগৰাকীয়ে কন্যা শিশুটিৰ নাম ৰাখিছে “ ই-বেবি” ।
প্ৰাপ্ত তথ্য মতে ইংলেণ্ডৰ ৩৩ বয়সীয়া মহিলা স্টেফনি টেলৰে কোনো পুৰুষ সংগী নোহোৱাকে তেঁওৰ দ্বিতীয়টি সন্তান জন্ম দিব বিচাৰিছিল। গতিকে এই প্ৰৱল ইচ্ছাৰ বাবেই তেঁও অনলাইন জৰিয়তে শুক্ৰাণু ক্ৰয় কৰে আৰু ইউটিউবৰ জৰিয়তে গৰ্ভত শুক্ৰাণু স্থাপন কৰা প্ৰক্ৰিয়াৰ তথ্য আহৰণ কৰে। আনহাতে ই- বে জৰিয়তে প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰয়োজনীয় সকলো সামগ্ৰী ক্ৰয় কৰি নিজেই সেই শুক্ৰাণু গৰ্ভত স্থাপন কৰে মহিলাগৰাকীয়ে।
জানিবলৈ পোৱা মতে দ্বিতীয় সন্তানৰ ইচ্ছা থাকিলেও “Private fertility clinics” সমূহত প্ৰয়োজনীয় চিকিৎসাৰ খৰচ বহন কৰাটো স্টিফনিৰ ক্ষেত্ৰত সম্ভৱ নাছিল। প্ৰথম অৱস্থাত তেঁও সন্তানৰ আশাই এৰি দিছিল কিন্তু হঠাৎ অনলাইনত এই অভিনৱ প্ৰক্ৰিয়াৰ সন্ধান পাই মাতৃগৰাকীয়ে। প্ৰাপ্ত তথ্য মৰ্মে স্টিফনিয়ে এটি বেবী এপ (Baby app)ৰ সন্ধান পাইছিল।আৰু তাতেই শুক্ৰাণু আৰু প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিছিল।
উল্লেখ্য যে এইধৰণৰ কাৰ্যত শুক্ৰাণু দান কৰা প্ৰথমজন ব্যক্তিৰ শুক্ৰাণুৰ জৰিয়তেই গৰ্ভৱতী হয় মহিলাগৰাকী। তেঁও জনোৱা মতে ২০২০ চনৰ জানুৱাৰী মাহত তেঁও অনলাইন যোগে শুক্ৰাণু লাভ কৰে আৰু সেই বছৰৰ ১৫ অক্টোবৰত জন্ম দিয়ে কন্যা সন্তানটি। উক্ত মহিলাগৰাকীয়ে তেঁওৰ এই সন্তানটিক ‘Real online baby’ বুলিও সম্বোধন কৰে।