ইংৰাজী নাম ঃ Ginger
বেৈজ্ঞানিক নাম ঃ Zingiber officinale
আদা মছলা জাতীয় উদ্ভিদ। আদাক আমি মছলা হিচাপে ব্যৱহাৰ কৰোঁ। পাকঘৰত আদা নাথাকিলে ৰান্ধনীৰ ৰান্ধা যেন আধৰুৱা হৈ ৰয়। ৰন্ধন কাৰ্যৰ উপৰিও আদাৰ আছে বহুতো ঔষধি গুণ। জানো আহক-
১) আদা আহিৰ খোৱাৰ পূৰ্বে চোবাই খালে ভোক লগায়।
২) আদাই কণ্ঠ আৰু জিভা পৰিষ্কাৰ কৰে।
৩) কফৰ কাৰণে আদাৰ ৰস খুবেই উপকাৰী।
৪) মাত ভঙা ভাল কৰিবৰ কাৰণে আদাৰ ৰস দুই চামুচত এচামুচ মৌ মিহলি কৰি দিনে দুবাৰকৈ ৪/৫ দিন খালে মাত ভঙা ভাল হয়।
৫) আদাই বায়ু, ৰক্তপিত্ত, কাহ আদি ৰোগ ভাল কৰিব পাৰে।
৬) আদাৰ ৰসৰ লগত মৌ আৰু তুলসী ৰস সমপৰিমাণৰ লৈ তাত তিনিটা জালুকৰ গুড়া দি খালে কাহ আৰু পানী লগা ভাল হয়।
৭) বদহজম বা পেট কামোৰণি নাইবা পেটৰ বিভিন্ন ৰোগত আদাৰ ৰস খালে যথেষ্ট উপকাৰ হয়।
৮) মুখৰ দুৰ্গন্ধ বন্ধ কৰিবলৈ , দাঁতৰ বিষ নোহোৱা কৰিবলৈ আদা চোবাই খোৱা উচিত।
৯) কাণৰ গুৰি ফুলা ৰোগত আদা খুন্দি প্ৰলেপ দিলে ভাল হয়।
১০) আদাই শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে। শৰীৰৰ উত্তাপ ঠিক ভাৱে ৰখাত আদাই সহায় কৰে।
১১) আদাই হজম শক্তি বৃদ্ধি কৰে।
১২) আদাই তেজ গোট মৰা ক্ষমতা অটুট ৰাখে।
১৩) আদা নিমখৰ সৈতে চোবাই খালে টনচিল ভাল হয়।
১৪) আদাৰ ৰস নেমুৰ ৰসৰ সৈতে খালে খাদ্যনলী পৰিষ্কাৰ হয় আৰু জিভা চাফা হয়।
১৫) আদা মুখশুদ্ধি হিচাপে ব্যৱহাৰ কৰিব পাৰি।