সুখৰ সংজ্ঞা কি? কেনেকৈ সুখী হ’ব? এইটোৱেই এতিয়া বেছিভাগ মানুহৰে প্ৰশ্ন। আজিকালি সকলোৱে জীৱন যুঁজত দৌৰিছে। কৰ্মজগত আৰু ব্যক্তিগত জীৱনৰ সৈতে ভাৰসাম্য ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ। অপ্ৰয়োজনীয় চিন্তাই মানসিক চাপ বৃদ্ধি কৰে। উদ্বিগ্নতা বাঢ়ি গ’লে হেৰাই যায় সুখ ৷ মনোবিজ্ঞানীসকলে কয় যে নিজকে সুস্থ আৰু সুখী কৰি ৰখাটো আপোনাৰ দায়িত্ব। তাৰ বাবে কিছুমান অভ্যাস সলনি কৰাটো অতি প্ৰয়োজনীয়। আত্মপ্ৰেমেই হৈছে নিজৰ স্বাস্থ্য আৰু সুখৰ চাবিকাঠি। নিজে ভাল হ’লে আপোনাৰ আশেপাশে থকা সকলোকে ভালকৈ ৰাখিব পাৰি।
মনোবিজ্ঞানীসকলে প্ৰকাশ কৰিছে যে দৈনন্দিন অভ্যাসৰ কি কি পৰিৱৰ্তনে আপোনাক সকলো সময়তে ভাল হৈ থাকিবলৈ সহায় কৰিব পাৰে।
১. নিজকে আনৰ লগত তুলনা নকৰিব
‘তেওঁৰ আছে, মোৰ কিয় নাই’ — এনে চিন্তাই অপ্ৰয়োজনীয় উদ্বিগ্নতা বৃদ্ধি কৰে। আনকি আনৰ লগত তুলনা কৰিবলৈ আৰম্ভ কৰিলেই মনৰ ওপৰত হেঁচা বাঢ়িব। সকলো প্ৰতিভা একে নহয়। আনৰ যি নাই, আপোনাৰো থাকিব পাৰে। আপোনাৰ গুণ, বৈশিষ্ট্য বিশ্লেষণ কৰিবলৈ চেষ্টা কৰক। কাম আৰু চিন্তাত নতুনত্ব আনিব। তেতিয়াহে মন ভাল হ’ব ৷
২. ইতিবাচক চিন্তাধাৰা অতি গুৰুত্বপূৰ্ণ
কামটো যি ধৰণেৰে কৰিব, ফলাফল একেই হ’ব। এই কথা মনত ৰাখি কামত লাগি যাওক। ইতিবাচক চিন্তাই আত্মবিশ্বাস বৃদ্ধি কৰিব। কৰ্মক্ষেত্ৰত উৎসাহ আৰু উত্তেজনা দুয়োটা থাকিব। যদি সফলতা একেলগে নাহে তেন্তে নিৰুৎসাহিত নহব। আত্মবিশ্বাস মজবুত হ’লে লক্ষ্যৰ দিশত বাট মসৃণ হ’ব।
৩. নিজক ভালপোৱা
মনোবিজ্ঞানীসকলে পৰামৰ্শ দিয়ে, প্ৰথমে নিজকে ভাল পাবলৈ শিকিব লাগিব। পৰিয়াল আৰু কেৰিয়াৰ পৰিচালনা কৰিলেও নিজৰ বাবে সময় উলিয়াওক। সেই সময় কেৱল আপোনাৰ নিজৰ বাবেহে দিব লাগে। ভালপোৱা কাম কৰক। ভাল লাগিলে ফুৰিবলৈ যাঁওক ৷ নিজৰ চখসমূহ চর্চা কৰক ৷পৰিয়ালৰ বাবে ৰন্ধাবড়া কৰক ৷
৪. আনৰ কথা নুশুনিব
আনৰ কথাত কেতিয়াও কাণ দিব নালাগে। লাভতকৈ লোকচানৰ আশংকাই বেছি। আপুনি কেতিয়াও আনৰ সকলো প্ৰয়োজন পূৰণ কৰিব নোৱাৰে। গতিকে নেতিবাচক কথাত গুৰুত্ব নিদিয়াই ভাল। বৰঞ্চ সময়ৰ লগত আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব।
৫. আত্মবিশ্বাস বৃদ্ধি কৰক
খং, ক্ষোভ, ঈৰ্ষা, অহংকাৰ, স্বাৰ্থপৰতা, জেদ বহুতৰ আছে। কঠিন সময়ত চাপ লোৱাৰ ক্ষমতা তেওঁলোকৰ নাই ! আলপতে ভাগি পৰা , আনৰ প্ৰতি ঈৰ্ষা অনুভৱ কৰা আৰু স্বাৰ্থপৰ ব্যৱহাৰ অধিক প্ৰতিফলিত হয়। ফলত সুখী হোৱাৰ পৰা বহু দূৰত অৱস্থান কৰাৰ লগতে বহুতৰে মাজত দিনক দিনে মানসিক চাপ আৰু হতাশা বাঢ়িবলৈ ধৰে ৷ এই সকলোবোৰৰ ওলাই আহিব লাগিব। নিজৰ ওপৰত বিশ্বাস আৰু আস্থা থাকিলে যিকোনো কঠিন সমস্যা সমাধান কৰিব পাৰি।