দেহত অতিৰিক্ত চৰ্বি জমা হ’লেও কলেষ্টেৰল বৃদ্ধি পাব পাৰে। কলেষ্টেৰল হৃাস কৰিবলৈ কেনে খাদ্য খোৱা উচিত-
১) টেঙাজাতীয় ফলমূল অধিক পৰিমানে খাব লাগে। দেহত উৎপন্ন হোৱা কলেষ্টেৰলক খাদ্যপ্ৰাণ ‘গ’ ই বাইল এচিড লৈ পৰিৱৰ্তন কৰে। খাদ্যপ্ৰাণ ‘গ’ ই গলব্লাডাৰ ষ্ট’নৰ সম্ভাব্য বিপদৰ পৰাও ৰক্ষা কৰাত সহায় কৰে।
২) দেহৰ চৰ্বি হৃাস কৰিবৰ কাৰণে বাচমতি চাউলৰ ভাত , বাৰ্লি , সেউজীয়া বুটমাহ , মচুৰ দাইল আদি খোৱা ভাল। মৌচাকৰ পৰা সংগ্ৰহ কৰা খাঁতি মৌজল প্ৰতিদিনে তিনি চামুচ কৈ খাব লাগে।মৌজোলৰ লগত আধা কাপ নেমুৰ ৰস মিহলাই খাব পাৰিলে বেছি উপকাৰ পোৱা যায়।
৩) তিতা দ্ৰব্য আৰু জ্বলা খাদ্যদ্ৰব্য উপকাৰী।
৪) খাদ্যদ্ৰব্য ৰন্ধন কৰোতে কম পৰিমাণে সৰিয়হ তেল নাইবা তিল তেলত হালধি , জালুকৰ গুড়া , আদা আদি ব্যৱহাৰ কৰিব লাগে।ঘিউ বা অধিক তেল ব্যৱহাৰ কৰা উচিত নহয়।
৫) গুলঞ্চ লতাৰ ৰস ২ চামুচ , আমলখি নিতৌ ৩ টাকৈ বা আমলখিৰ গুড়া , ১ চামুচ ১/৪ কাপ পানীত মিশ্ৰণ কৰি দিনে এবাৰকৈ খাব লাগে।
৬) কমলা টেঙাৰ ৰস , আঙুৰৰ ৰস , মাটিকঁঠালৰ ৰস , তেঁতেলী টেঙাৰ চৰ্বত , কাজিনেমুৰ ৰস , গোলনেমুৰ ৰস , আমলখিৰ ৰস , শিলিখাৰ ৰস , পালেংশাকৰ ৰস আদি খালে উপকাৰ পোৱা যায়।
কি কি খোৱা উচিত নহয়-
ড্ৰাইফুড , ক’ল্ড ড্ৰিংকচ , আইচক্ৰীম , চকলেট , মিঠাবস্তু , চেনি , ঘিউ , মাখন আদি খাব নালাগে।
খাহীৰ মাংস , পাৰৰ মাংস , কণীৰ কুহুম , অধিক তেল যুক্ত মাছ খোৱা বেয়া।
ওলকচু , মূলা , গাজৰ , চালগোম , বুট আদি কমকৈ খাব লাগে।
ম’হৰদৈ গৰুৰ গাখীৰ , ছাগলীৰ গাখীৰ অপকাৰী।
ধূমপান কৰিব নালাগে। মাদক দ্ৰব্য বৰ্জন কৰিব লাগে।