চিনেমা হলত চিনেমা এখন আৰম্ভ হোৱাৰ আগতে ধূমপানৰ বিষয়ে যিমানেই বিধিগত সতৰ্কবাণী নাথাকক কিয়, বহুতৰে বাবে এই নিচাৰ পৰা আঁতৰি যোৱাটো অসম্ভৱ। যদিও, ধূমপানৰ ফলত হোৱা ক্ষতিৰ পৰিসৰ কম বেছি পৰিমাণে সকলোৱে জানে। ধূমপানৰ ফলত সমগ্ৰ বিশ্বতে প্ৰায় সত্তৰ নিযুত লোকৰ মৃত্যু হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যা অনুসৰি৮০ শতাংশই চিকিৎসাৰ অভাৱত মৃত্যু লয় ৷
চিকিৎসকৰ মতে হাওঁফাওঁৰ কৰ্কট ৰোগৰ বাহিৰেও ধূমপান স্তন, মূৰ, ডিঙি, মলদ্বাৰ আৰু জৰায়ুৰ কৰ্কট ৰোগৰ বাবে প্ৰত্যক্ষভাৱে দায়ী। ইয়াৰ উপৰিও হাওঁফাওঁৰ দীৰ্ঘদিনীয়া সমস্যাৰ কাৰণ হৈছে ধূমপান ৷ধূমপান নকৰা, কিন্তু ধূমপায়ীৰ আশে-পাশে বাস কৰাসকলেও ইয়াৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা হাত সাৰিব নোৱাৰে।
বিশেষজ্ঞসকলৰ মতে, যিসকলে দীৰ্ঘদিন ধৰি ধূমপান কৰি আহিছে, তেওঁলোকে এদিনতে হঠাতে এই নিচা এৰি দিয়াটো সম্ভৱ নহয়। কিন্তু ইচ্ছা কৰিলে পৰিমাণ কমাব পাৰে ৷ গতিকে যিসকল স্বাস্থ্য সচেতন, এই নিচাৰ পৰা মুক্তি পাবলৈ চিকিৎসকৰ সহায় লোৱা উচিত ৷
ডাক্তৰৰ ওচৰলৈ নোযোৱাকৈ ধূমপান এৰিব পৰা আৰু কি কি উপায় আছে?
১) এপছৰ সহায় লওক
স্মাৰ্ট ফোনৰ যুগত আধাতকৈ অধিক মানুহৰ জীৱন নিৰ্ভৰ কৰে এপছৰ ওপৰত। ধূমপান এৰিবলৈ বহুতো এপ আছে। যদি আপুনি ধূমপান কৰিবলৈ মন গ’লেই তেন্তে এপটো খুলি বিভিন্ন কাৰ্যসূচীত যোগদান কৰিব পাৰে। ফোনত যদি সেই বিশেষ এপবোৰ থাকে তেন্তে ধূমপায়ীসকলকো বিভিন্ন ইতিবাচক বাৰ্তা দিয়ে। কেৱল সেয়াই নহয়, এই নিচাৰ পৰা পৰিত্ৰাণ পাব বিচৰা বহু লোকৰ সৈতে তাত মত বিমিয়ৰ সুযোগ লাভ কৰিব ৷ ইজনে সিজনক এই নিচাৰ পৰা ওলাই আহিবলৈও উৎসাহিত কৰে।
২) নিকোটিন সলনি কৰা
বিশেষজ্ঞসকলৰ মতে ধূমপান এৰিবলৈ এইটোৱেই আটাইতকৈ নিৰ্ভৰযোগ্য পদ্ধতি। নিচা এৰিবলৈ চিকিৎসকৰ পৰামৰ্শ অবিহনে শৰীৰত নিকোটিন পেক চ্যুইংগাম বা লজেঞ্জ ব্যৱহাৰ কৰিব পাৰি। ধূমপান এৰিবলৈ ই অতি ফলপ্ৰসূ।
৩) ধূমপান কৰাৰ প্ৰৱণতা
বহুতে মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে ধূমপান কৰে। বিশেষজ্ঞসকলে কয় যে যদি ধূমপানৰ কাৰণ আঁতৰ কৰিব পৰা যায়, অৰ্থাৎ মানসিক চাপ কমাব পৰা যায়, তেন্তে ধূমপান কৰাৰ ইচ্ছাও কমি যাব পাৰে।