সকলোৰে কাৰণে আপেল এবিধ উপকাৰী ফল। প্ৰাচীন কালত গ্ৰীক সকলে আপেলক যৌৱন সঞ্জীৱনী হিচাপে গ্ৰহণ কৰিছিল। আপেলে আমাৰ শুক্ৰ গঠন হোৱাত সহায় কৰি যৌৱন অটুট ৰাখিব পাৰে। সেইবাবে সদায় এটাকৈ আপেল খাব লাগে। আপেল এটা চোবাই বা তাৰ ৰস উলিয়াই নিতৌ খোৱাৰ অভ্যাস কৰিলে বাৰ্ধক্যজনিত কাৰণত হোৱা সিৰা -উপসিৰা বোৰ জঠৰ ভাৱ দূৰ হয়।
আপেলত যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ থাকে। আপেলত পোৱা এই খনিজ পদাৰ্থই আমাৰ দেহত হিম’গ্ল’বিন বৃদ্ধি হোৱাত সহায় কৰে। সেয়ে ভাত খোৱাৰ পিছত সদায় এটাকৈ আপেল খালেই যথেষ্ট উপকাৰ পোৱা যায়।
মুখ আৰু হাত-ভৰিৰ ছাল মনোমহা কৰিবলৈ এটা আপেলৰ ওপৰৰ পাতল বাকলি এৰুৱাই ভালদৰে পিহি ৰস উলিয়াই লোৱাৰ পিছত ছালত ঘহি প্ৰায় ২০ মিনিট সময় ৰাখি তাৰ পাছত কুহুমীয়া পানীৰে ধুব লাগে। এনেদৰে দিনে এবাৰকৈ প্ৰায় এমাহমান ব্যৱহাৰ কৰিলে সুন্দৰ ফল পোৱা যায়।
এটা আপেল আৰু তিনিটা গাজৰ সৰু সৰুকৈ কাটি পুৱা খালি পেটত নিয়মীয়াকৈ প্ৰায় এমাহ খালেই শৰীৰৰ ছাল সুন্দৰ হয় আৰু শকত লোক লাহী হয়।
ছাল নিমজ কৰিবলৈ একাপ দৈত এটা আপেলৰ পৰা উলিওৱা ৰস মিহলি কৰি শৰীৰৰ ছালত সানিব লাগে।
আধা কাপ আপেলৰ ৰসত ৪/৫ টোপাল নেমুৰ ৰস মিহলি কৰি ছালত সানি কুহুমীয়া পানীৰে ২০ মিনিটৰ পিছত ধুলে ছালৰ ৰং অতি সুন্দৰ হৈ আকৰ্ষণীয় হোৱা দেখা যায়।
চুলি ধুই লোৱাৰ পিছত আপেলৰ ৰস সানিলে চুলি সুন্দৰ হয়।
আপেল আমাৰ শৰীৰৰ বাবে উপকাৰী ফল হোৱাৰ লগতে সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰতো আপেল এবিধ উত্তম ফল।