জালুকক ক’লা সোণ বুলি কোৱা হয়। বিভিন্ন প্ৰকাৰৰ মছলাৰ ভিতৰত জালুক সৰ্বৎকৃষ্ট বুলি জনা যায়। আনহাতে বিশ্বৰ ভিতৰত অসমৰ জালুকেই আটাইতকৈ উৎকৃষ্ট আৰু গুণকাৰী। জালুক উত্তম মছলা হোৱাৰ উপৰিও আছে বহুতো ঔষধি গুণ , জানো আহকচোন –
১) জালুক গা-বিষৰ কাৰণে উৎকৃষ্ট। গাৰ বিষ নোহোৱা কৰিবৰ কাৰণে জালুকেৰে বিভিন্ন জুতি লগাই খাব পাৰি। প্ৰসৱৰ পিছত গা -বিষ হ’লে সাধাৰণতে তিনিদিনৰ দিনা কলীয়া কচুৰ ঠুৰি সিদ্ধ কৰি তাত জালুক দি মাতৃগৰাকীক খাব দিয়া হয়। চাহ , গৰমপানী , আঞ্জা আদিত জালুক আদি দি খালেও গাৰ বিষ নোহোৱা হয়।
২) যি কাৰণতেই কাহ নহওঁক কিয় জালুক দহটামান পিহি তাত তিনি চামুচ মৌ আৰু আদা ৰস এচামুচ কলীয়া তুলসীৰ ৰস মিশ্ৰণ কৰি দিনে তিনি -চাৰিবাৰ কৈ খালে কাহ নাইকীয়া হয়।
৩) জালুকে পানী লগা ৰোগ ভাল কৰিব পাৰে। গৰম পানীত বা আঞ্জাত জালুক গুড়া দি খালে সুফল পোৱা যায়।
৪) জালুকৰ গুড়া নিমখৰ লগত মিহলাই দাঁত মাজিলে দাঁতৰ আলুৰ পৰা পূঁজ ওলোৱা বন্ধ হয় আৰু দাঁতৰ মাজত থকা বীজাণু নাশ হয়।
৫) দাঁতৰ বিষ নোহোৱা কৰিবৰ বাবে জালুকৰ গুড়া দুটা লঙৰ গুড়াত মিহলাই বিষ হোৱা দাঁতৰ গুৰিত কিছু সময় লগাব লাগে।
৬) জালুকৰ গুড়া অকণমানত দুই চামুচ পানী মিশ্ৰণ কৰি খুৱালে পুৰণি পেটচলা ৰোগীয়েও আৰোগ্য লাভ কৰে।
৭) জালুকৰ গুড়া গৰুৰ ঘিউৰ লগত মিহলাই বেচু / খজুৱতি হোৱা ঠাইত প্ৰলেপ দি ৰাখিলে বেচু বা খজুৱতি নোহোৱা হয়।
৮) কুকুৰে বা অন্য কোনো জন্তুৱে কামুৰিলে কামোৰা ঠাইত জালুকৰ গুড়া লগাই প্ৰলেপ দিলে বিষ নাইকীয়া হয় আৰু ঘা সহজে শুকায়।
৯) জালুকৰ গুড়া দুই চামুচকৈ প্ৰতিদিনে আঞ্জা বা পানীত গৰম কৰি খালে নিম্ন ৰক্তচাপ ভাল হয়।
১০) ঠাণ্ডা দিনত জালুক খালে শৰীৰৰ উষ্ণতা ঠিক হয়।
১১) জালুকৰ গুড়াৰ লগত আমলখি গুড়া মিহলি কৰি শালমইনা হোৱা ঠাইত লগালে শালমইনা নাইকীয়া হয়।