ইংৰাজী নাম :- Clove Tree
বৈজ্ঞানিক নাম :- Syzygium apromaticum (L ) Merrille Pirry
ৰান্ধনী ঘৰত লং মছলা হিচাপে ব্যৱহাৰ কৰা হয় যদিও লঙৰ আছে বহুত উপকাৰী গুণ।জানো আহক লঙৰ বিষয়ে-
১) লঙত প্ৰ’টিন , কাৰ্বহাইড্ৰেট ,টেনিন , ইউজিনল , অলিয়ানচিক এচিড পোৱা যায়।
২) লং খাবলৈ জ্বলা সুগণ্ঠিদায়ক।
৩) লং খালে ভোক বৃদ্ধি হয়।
৪) লঙে হজম শক্তি বৃদ্ধি কৰে।
৫) পেটৰ বিষ , কাহ ,হাঁইফাঁই , নিউমোনিয়া ৰোগ নাশত লঙে সহায় কৰে।
৬) পেটফুলা , ছালৰ ৰোগ , শৰীৰ জ্বলন-পোৰণ , দন্তক্ষয় , বমি , হাঁইফাঁই , এচিডিটি , শাৰীৰিক দুৰ্বলতা আদি লং খালে দূৰ হয়।
৭) লঙ খালে মুখৰ দুৰ্গন্ধ আৰু বীজানু নোহোৱা হয়।
৮) লঙৰ পৰা প্ৰস্তুত কৰা তেলে দাঁতৰ বিষ নোহোৱা কৰে।
৯) কাহ , ব্ৰুংকাইটিছ , পেটফুলা , ছালৰ ৰোগ আদিত লং খালে উপকাৰ হয়।
১০) লং খালে শৰীৰৰ উষ্ণতা বৃদ্ধি হয়।