চুলি আৰু ছালৰ কাৰণে নাৰিকল তেল অতি উপকাৰী হোৱাৰ উপৰিও দাঁতৰ যত্নৰ কাৰণেও নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰি। নাৰিকল তেল অকল প্ৰসাধন সামগ্ৰীয়ে নহয় এই তেলেৰে দাঁতৰ যত্নও ল’ব পাৰি যাৰ ফলত দাঁতৰ সুস্থতা আৰু সুন্দৰ হাঁহিৰ অধিকাৰী হোৱাৰ লগতে দাঁত চিকচিকাই থাকিব। কিন্তু কেনেদৰে—
১) নাৰিকলত প্ৰচুৰ পৰিমাণে স্যাচুৰেটেড ফেট থাকে আৰু ইয়াৰ তেলত থাকে প্ৰচুৰ পৰিমাণে কেলৰি। নাৰিকল তেলত প্ৰচুৰ পৰিমাণে ট্ৰাইগ্লিছাৰাইড থাকে আৰু শৰীৰত নাৰিকল তেল প্ৰৱেশ কৰাৰ লগে লগেই ইয়াত থকা লৰিক এচিদ ভাঙি মনোলৰিনত পৰিণত হয়। এই লৰিক এচিড আৰু মনোলৰিন উভয় ক্ষতিকাৰক বেকটেৰিয়া আৰু ভাইৰাছৰ লগত যুদ্ধ কৰিবলৈ সক্ষম হয়। গৱেষণাত দেখা গৈছে যে নাৰিকল তেলত থকা এণ্টি বেকটেৰিয়াল উপাদানে মুখৰ ভিতৰত থকা জীবানু আৰু বেকটেৰিয়াৰ সংক্ৰমণ ঘটোৱাত বাধা জন্মায়। তাৰোপৰি দাঁত আৰু দাঁতৰ আলুৰ কাৰণেও উপকাৰী।
২) অনিয়মিত খাদ্যাভাসৰ বাবে বহুত সময়ত দাঁত আৰু দাঁতৰ আলুৰ সমস্যাই দেখা দিয়ে। দাঁতৰ আলু ফুলি যায় , বিষৰ সৃষ্টি হয় আৰু হজম প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়। নাৰিকল তেলত থকা স্ত্ৰেপটোক্কাছ আৰু লেক্টোব্যসিলাছ বেকটেৰিয়াই দাঁতৰ ক্ষয় ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।।
অৱশ্যে দাঁতৰ সমস্যা ঘৰুৱা উপায়েৰে সমাধান হ’লেও সমস্যা বেছি হ’লে ডক্টৰৰ পৰামৰ্শ লোৱা উচিত।