মধুৰি-আম খাবলৈ কেঁহা আৰু সামান্য টেঙা। ফলৰ মাজত বহুতো গোলাকৃতি সৰু সৰু গুটি থাকে। গুটি বিলাক টান।মধুৰি গছৰ পাত আৰু ফল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। অতি সোৱাদযুক্ত মধুৰিৰ আছে বহুতো ঔষধি গুণ।জানো আহক-
১) কেঁচা মধুৰি-আম সৰু সৰুকৈ কাটি ৰ’দত শুকুৱাই খালে হুপিং কাহ ভাল হয়।
২) মধুৰি-আমৰ পাত আৰু ছাল মুখৰ অৰুচি নাশ কৰিব পাৰে । মধুৰি-আমৰ পৰা প্ৰস্তুত কৰা আচাৰেও অৰুচি ৰোগ নোহোৱা কৰে।
৩) মধুৰি-আমত যথেষ্ট পৰিমাণে খাদ্যপ্ৰাণ ‘ক’ থাকে। সেয়েহে পকা মধুৰিয়ে কুকুৰীকণা আৰু চকুৰ বিভিন্ন ৰোগ প্ৰতিৰোধ আৰু নিৰাময় কৰিব পাৰে।
৪) মধুৰি-আম আৰু মধুৰিৰ পাতে ৰক্তহীনতা দূৰ কৰাত সহায় কৰে।
৫) দেহৰ কোনো অংশ আঘাতপ্ৰাপ্ত হৈ তেজ ওলালে মধুৰিৰ পাত পিহি লৈ লগালে তেজ ওলোৱা বন্ধ হয়।
৬) মধুৰি পাতৰ ৰসত সমান পৰিমাণৰ আমলখিৰ মিশ্ৰণ কৰি তাত এক চামুচ মৌ মিহলাই দিনে দুইবাৰকৈ খালে ঘা শুকুৱাত যথেষ্ট সহায় কৰে।
৭) মধুৰি আৰু মধুৰিৰ পাতে দাঁতক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। মধুৰি আৰু মধুৰি পাতত থকা কেলচিয়ামে হাড় গঠন আৰু বৃদ্ধিত সহায় কৰে।
৮) মধুৰি -আমৰ পাত আৰু পকা মধুৰি নিয়মীয়াকৈ খালে ছাল মসৃণ আৰু সুন্দৰ হয়।
৯) নিয়মীয়াকৈ মধুৰি খোৱা লোকৰ মাজত কেতিয়াবা হে কৰ্কট ৰোগ হোৱা দেখা যায়। মধুৰিত থকা খাদ্যপ্ৰাণ ‘গ’ ই কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
১০) মধুৰিৰ পাত চোবাই খালে মুখৰ দুৰ্গন্ধ নোহোৱা হয়।
১১) মধুৰি-আম আৰু মধুৰিৰ পাত পেটৰ বিষত উপকাৰী।
১২) মধুৰিয়ে দেহত ৰোগ-প্ৰতিৰোধ কৰাৰ শক্তি বৃদ্ধি কৰে।