VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

সৌন্দৰ্য চৰ্চাত জেতুকা পাত

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
November 12, 2021
in জীৱন
সৌন্দৰ্য চৰ্চাত জেতুকা পাত
0
SHARES
0
VIEWS
Share on FacebookShare on Twitter

মানুহ সৌন্দৰ্য প্ৰিয়। নিজকে সজাই পৰাই ধুনীয়া হৈ   থাকিব বিচৰাটো মানুহৰ সহজাত প্ৰবৃত্তি। আদিম যুগত সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত প্ৰকৃতিৰ বিভিন্ন গছ-বনৰ ব্যৱহাৰ কৰা দেখা গৈছিল। প্ৰকৃতিৰ বিভিন্ন সামগ্ৰীৰে সৌন্দৰ্য চৰ্চা কৰাৰ ফলত দেখিবলৈ ধুনীয়া হোৱাৰ লগতে নানা ৰোগ প্ৰতিৰোধ আৰু নিৰাময় কৰাত সহায়ক হয়।

প্ৰাচীন কালৰে পৰা ভাৰত তথা বিশ্বৰ বিভিন্ন দেশত উৎসৱ-পাৰ্বণত জেতুকা বা মেহেন্দি সৌন্দৰ্য চৰ্চাৰ আহিলা ৰূপে ব্যৱহাৰ কৰি অহা হৈছে।জেতুকা চিৰসেউজীয়া জোপোহা জাতীয় গছ। জেতুকা নাৰীৰ বৰ আদৰৰ বস্তু । বাপতি সাহোন ৰঙালী বিহুত ডেকা-গাভৰুৱে হাত -ভৰিত জেতুকাৰ ৰং লগাই মন-প্ৰাণ সজীৱ কৰি নতুন আশাৰ সপোন ৰচে। সেয়েহে বিহু গীতত গোৱা হয়——–

“হাততে জেতুকা, ভৰিতে জেতুকা, মোৰে মন কেনেবা কৰে ,

নাচনীৰ চকুলৈ চাবকে নোৱাৰি, চকুত চাতে মাৰি ধৰে”।

অতীজৰে পৰাই বিভিন্ন লোক-সংস্কৃতিত জেতুকা ব্যৱহৃত হৈ আহিছে । মহাৰাষ্ট্ৰত নাৰী সকলে উৎসৱ -পাৰ্বণত  হাত-ভৰিৰ তলুৱা , নখ আৰু কপালত জেতুকা ব্যৱহাৰ কৰে। গুজৰাটী , ৰাজস্থানী মহিলাই বিভিন্ন উৎসৱত জেতুকা লগায়। ৰাজস্থানী দৰা-কইনাই জেতুকাৰ ৰং ব্যৱহাৰ কৰাটো অপৰিহাৰ্য । কাশ্মীৰৰ দৰা-কইনাই মুখত  জেতুকাৰ ৰং লগোৱা সাধাৰণ নিয়ম। উত্তৰ প্ৰদেশত বিবাহিতা নাৰী সকলে শাওণ মাহত জেতুকাৰ বোলেৰে শৰীৰত চিত্ৰ অংকণ কৰি আনন্দৰ পৰিবেশ সৃষ্টি কৰে।

জেতুকা অকল সৌন্দৰ্য সৃষ্টিকাৰীয়েই নহয় , ই এবিধ ঔষধিযুক্ত গছ ————

১)  জেতুকাৰ কুমলীয়া পাত খুন্দি তাত কেঁহৰাজ , ডালিমৰ পাত , বৰথেকেৰা ,  এৰাপাতৰ কোঁহ  , অলপ চূণ মিহলাই খুন্দি সৰিয়হৰ তেল সানি নখত সানিলে নখৰ ৰোগ আৰু খৰ ভাল হয়।

২)   জেতুকাৰ ৰস ভৰিৰ নখত লগালে চকু আৰু চুলিৰ সৌন্দৰ্য বৃদ্ধি হয়।

৩)  গাৰ ছালত জেতুকা ব্যৱহাৰ কৰিলে চৰ্মৰোগ প্ৰতিৰোধ হয় আৰু ছাল নিমজ হয়।

৪)  ২০গ্ৰাম জেতুকাৰ পাত খুন্দি , ৫ টা আমলখি খুন্দি ৰস উলিয়াই , ৫০ মিলিলিটাৰ গাখীৰৰ সৈতে মিহলি কৰি ১ ঘণ্টা চুলিত সানিলে , অকালতে পকা চুলি ক’লা হয়।

৫)   জেতুকা পাতৰ ৰস আৰু শিলিখাৰ ৰস মিহলি কৰি চুলিত লগালে চুলি সৰা বন্ধ হয়।

৬)  ভৰিৰ পতাত জেতুকাৰ ৰস সানিলে ঘামচি ভাল হয়।

৭)  জেতুকা পাতৰ ক্কাথ খয়েৰৰ লগত মিহলি কৰি লগালে পায়েৰিয়া ৰোগ ভাল হয়।

৮)  জেতুকাপাত সিজোৱা পানীৰে কুলকুলিয়ালে মুখ বা ডিঙিৰ ঘাঁ ভাল হয়।

৯)  হাত -ভৰি পানীয়ে খালে , জেতুকা লগালে বিষ উপশম হয় ।

১০)  জেতুকাৰ ৰসৰ লগত সৰিয়হ তেল মিহলাই গাত সানিলে , সংকুচিত হোৱা ছালে স্বাভাৱিক অৱস্থা পায়।

১১)  জেতুকাপাতৰ ৰসেৰে গা ধুলে গাৰ দুৰ্গন্ধ আৰু ঘাম নাইকীয়া হয়।

১২)  জেতুকাৰ গোন্ধে ভাল টোপনি অহাত সহায় কৰে।উচ্চ ৰক্তচাপত , জেতুকা পাত খুন্দি মূৰত আৰু ভৰিত প্ৰলেপ দিব লাগে।

এনেদৰে ঘৰৰ চৌহদতে পোৱা সামগ্ৰীৰে  সৌন্দৰ্য চৰ্চা কৰিলে , কম খৰচতে আমি শৰীৰ তথা মন সুস্থ কৰি ৰাখি আনন্দ অনুভৱ কৰিব পাৰোঁ।

Previous Post

আজি সমগ্ৰ বিশ্বই নিম’নিয়াৰ ভয়াবহতাৰ প্ৰতি মানুহক সচেতন কৰিবলৈ উদযাপন কৰে ‘ বিশ্ব নিম’নিয়া দিৱস’

Next Post

এবছৰীয়া  সন্তানক  ষ্ট্ৰ’লাৰত বহুৱাই  কোনে কৰিলে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড

Related Posts

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?
জীৱন

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

May 28, 2022
ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ধূমপান কৰা ব্যক্তিৰ কেঞ্চাৰ প্ৰতিৰোধৰ বাবে আছে উপায়। জানো আহক
জীৱন

ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ধূমপান কৰা ব্যক্তিৰ কেঞ্চাৰ প্ৰতিৰোধৰ বাবে আছে উপায়। জানো আহক

May 27, 2022
পত্নীৰ বাবে বিমানৰ ভিতৰত  এক আচৰিত ঘোষণাৰে  হৃদয় জয় কৰিলে এজন  পাইলটে
জীৱন

পত্নীৰ বাবে বিমানৰ ভিতৰত এক আচৰিত ঘোষণাৰে হৃদয় জয় কৰিলে এজন পাইলটে

May 26, 2022
বাগিছাখনত পোক-পতঙ্গই অনিষ্ট কৰিছে নেকি? কেনেকৈ আঁতৰাব পোক-পৰুৱা। জানো আহক
জীৱন

বাগিছাখনত পোক-পতঙ্গই অনিষ্ট কৰিছে নেকি? কেনেকৈ আঁতৰাব পোক-পৰুৱা। জানো আহক

May 26, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে
জীৱন

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
নিজৰ সন্তানক বিশেষভাৱে সক্ষম এজন দেউতাকে ট্ৰাইচাইকেলেৰে  স্কুললৈ লৈ যোৱা  ভিডিঅ’ ভাইৰেল
জীৱন

নিজৰ সন্তানক বিশেষভাৱে সক্ষম এজন দেউতাকে ট্ৰাইচাইকেলেৰে স্কুললৈ লৈ যোৱা ভিডিঅ’ ভাইৰেল

May 25, 2022
Next Post
এবছৰীয়া  সন্তানক  ষ্ট্ৰ’লাৰত বহুৱাই  কোনে কৰিলে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড

এবছৰীয়া  সন্তানক  ষ্ট্ৰ’লাৰত বহুৱাই  কোনে কৰিলে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7