কম জুইত ৰান্ধিলে খোৱা বস্তুবোৰ অধিক পুষ্টিকৰ হয়। আমি খুওব সোনকালে হ’বৰ বাবে জুইৰ তাপমাত্ৰা বঢ়াই দিও বা সময়ৰ অভাৱৰ বাবে অতি সোন কালে ৰান্ধা হ’বৰ বাবে গেছ টো বেছিকৈ বঢ়াই দিওঁ। বেছি জুইত বা বেছি তাপ মাত্ৰাত ৰান্ধিলে কি হয় জানেনে বাৰু ? বিশেষজ্ঞ সকলৰ মতে , বেছি জুইত ৰন্ধা-বঢ়া কৰিলে বা অতি তাপমাত্ৰাত ৰন্ধাৰ ফলত খাদ্যৰ পুষ্টিগুণ নষ্ট হৈ যায়। যিমান বেছি সময় ধৰি শাক-পাচলি ৰান্ধা হয় বা যিমানে জুইৰ পৰিমাণ বঢ়াই দিয়া হয় সিমানেই সেই খাদ্যৰ পুষ্টিগুণ নষ্ট হৈ যায়। বিশেষজ্ঞ সকলে কয় , ১০ মিনিটতকৈ বেছি সময় ৰান্ধি থকা উচিত নহয়। অতি কম সময়ত তাপমাত্ৰা কমাই ৰান্ধিলে পুষ্টিগুণ অক্ষুন্ন থাকে। জনাটো উচিত যে জুইৰ মাত্ৰা বঢ়াই দি খোৱাবস্তু ৰান্ধিলে সেই খাদ্যত থকা খনিজ পদাৰ্থ নষ্ট হয় । তাৰ লগে লগে ভিটামিন আৰু অন্যান্য পুষ্টিকৰ উপাদান সমূহো কমিবলৈ ধৰে। অতিৰিক্ত তাপমাত্ৰাই যি কোনো ধৰণৰ ফল বা শাক-পাচলিত থকা ভিটামিন আৰু ফাইটো নিউট্ৰিয়েণ্টচক হ্ৰাস কৰে।