শৰীৰ সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে কমেও ৫ বিধ ফলমূল আৰু শাক-পাচলি খাব লাগে বুলি পুষ্টিবিদসকলে কয়। বিভিন্ন প্ৰকাৰৰ শাক-পাচলি আৰু ফল-মূলত থকা শৰীৰৰ প্ৰয়োজনীয় যৌগ আন কোনো খাদ্যতে পোৱা নাযায় ৷ কিন্তু এইটোও সত্য যে বেছিভাগ বীজাণু বজাৰৰ পৰা কিনা ফল-মূল বা শাক-পাচলিৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে। খেতিপথাৰৰ পৰা ছিঙি অনা শাক-পাচলিত সাৰ বা কীটনাশক থকাটো অস্বাভাৱিক নহয়। লগতে ফল-মূল বা শাক-পাচলিবোৰ এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাৰ সময়ত বিভিন্ন ধৰণে সংক্ৰমিত হ’ব পাৰে। গতিকে ফল-মূল আৰু শাক-পাচলিৰ সংক্ৰমণৰ আশংকাৰ পৰা কেনেকৈ হাত সাৰিব পাৰিব আপুনি জানেনে ?
ফল-মূল বা শাক-পাচলিৰ পৰা সংক্ৰমণ কেনেদৰে হয়?
সাধাৰণতে ৰাস্তাৰ ধূলিময়, মুকলি ঠাইত ফলমূল বা শাক-পাচলি বিক্ৰী কৰা হয়। কিন্তু বিক্ৰেতাই এই সকলোবোৰ শাক-পাচলি বা ফল-মূল ধুই বিক্ৰী নকৰে। গতিকে বজাৰৰ পৰা কিনি ঘৰলৈ অনাৰ লগে লগে ভালকৈ ধুই লোৱা ভাল। বহুতে নোধোৱাকৈয়ে ফ্ৰীজত থৈ দিয়ে। তেনে ক্ষেত্ৰত ফ্ৰীজত থকা আন খাদ্যলৈ সংক্ৰমণ বিয়পি পৰাৰ ভয় ৰৈ যায়।
ফল-মূল বা শাক-পাচলি কিনাৰ পিছত খোৱাৰ আগতে কি কি কথা মনত ৰাখিব লাগে?
১) বজাৰৰ পৰা ক্ৰয় কৰা ফল-মূল বা শাক-পাচলি খোৱাৰ আগতে ধুব লাগে। হাতৰ যত্নও ল’ব লাগে। হাত নোধোৱাকৈ খাব নালাগে ৷
২) শাক-পাচলি বা ফল-মূলৰ বাকলি পেলোৱাৰ আগতে ভালদৰে ধুব লাগে। কাটি লোৱাৰ পিছত পুনৰ ধুব লাগে ৷
৩) বজাৰৰ পৰা কিনা সেউজীয়া বা শাক-পাচলি কিছু সময় ঠাণ্ডা পানীত তিয়াই ৰাখিব লাগে। ইয়াৰ পিছত পানীৰ পৰা উলিয়াই শুকুৱাই লওক, তেতিয়াহে ফ্ৰীজত ৰাখিব লাগে ৷
৪) ফলমূল আৰু শাক-পাচলি ধুই শুকুৱাই লোৱাৰ পিছত হাত আৰু শাক-পাচলি ৰখা স্থান ভালদৰে বীজাণুমুক্ত কৰিব লাগে।
৫)কোমল ফল-মূল বা শাক-পাচলি ধোৱাৰ সময়ত অলপ বেছি সাৱধান হওক।
৬) যিহেতু শিপা বা কন্দযুক্ত শাক-পাচলিবোৰৰ বেছিভাগেই মাটিৰ তলত হয় গতিকে নলৰ পানীত ভালদৰে ধুব লাগে। যাতে কোনো ধৰণে মাটি লাগি নাথাকে।