সপ্তাহত এবাৰ হ’লেও স্বাস্থ্য সচেতন লোকেও খাবলৈ ভাল পায় ডার্ক চকলেট ৷ আপাত দৃষ্টিত দেখা যায় যে এন্টি অক্সিডেন্ট আৰু পলিফিনলযুক্ত ডাৰ্ক চকলেট খালে শৰীৰ উপকৃত হয় ৷ তদুপৰি বহু গৱেষণাই প্ৰমাণ কৰিছে যে ডাৰ্ক চকলেটৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ, হৃদযন্ত্ৰৰ সুস্বাস্থ্য বজাই ৰখা, মগজুৰ কাৰ্য্যক্ষমতা বজাই ৰখাত ভূমিকা আছে।
শেহতীয়া গৱেষণাৰ মতে এই ডাৰ্ক চকলেটৰ মূল উপাদান হ’ল ক’ক’ বিন। ইয়াত ফ্লেভানল নামৰ এন্টিঅক্সিডেন্ট থাকে। কিন্তু ডাৰ্ক চকলেটত কেডমিয়াম আৰু পাৰাৰ দৰে দুটা বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে।
এই দুটা যৌগ তেজত দীৰ্ঘদিন মিহলি হ’লে বৃক্কৰ ক্ষতিৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। ইয়াৰ উপৰিও শিশু বা গৰ্ভৱতী মহিলাৰ ক্ষতিৰ আশংকা সৰ্বাধিক। গতিকে চিকিৎসকে কয়, ডাৰ্ক চকলেট খালে স্বাস্থ্য উন্নত কৰাতকৈ ক্ষতিৰ আশংকা বেছি। পুষ্টিবিদসকলে কয় যে আপুনি ৪০ৰ পৰা ৫০ শতাংশ ক’ক’ৰ পৰিমাণ থকা ডাৰ্ক চকলেট খাব পাৰে।