পাতল মাছৰ জোল বা মাংসৰ আঞ্জা – যদি ৰন্ধা-বঢ়াত আলু নাথাকে তেন্তে মন ভৰি নুঠে ৷ ডায়েবেটিছ, উচ্চ ৰক্তচাপৰ সমস্যাত ভুগি থকা লোকসকলে আলু নাখাবলৈ পৰামর্শ প্ৰদান কৰা হয় ৷ আলু খোৱাটো শৰীৰৰ বাবে ভাল নে বেয়া সেই লৈ বিতৰ্কৰ সৃষ্টি হৈছে। কিন্তু পুষ্টিবিদসকলে কয় যে আলু শৰীৰৰ বাবে বেয়া, এই ধাৰণাটো সম্পূৰ্ণ ভুল। সকলো বস্তুৰ দৰে আলুৰো কিছুমান ভাল গুণ আছে। আলু খালে ডায়েবেটিছৰ মাত্ৰা বৃদ্ধি পাব, ওজন নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় বুলি কিছুমান ধাৰণা আছে। কিন্তু এইবোৰৰ বাহিৰেও আলুৰ কিছু স্বাস্থ্যকৰ দিশও আছে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো আলু অতি উপযোগী। কিন্তু আলু ৰান্ধি খোৱাতকৈ কেঁচা আলুৰ ৰস খাব আপুনি বহুতো উপকাৰিতা লাভ কৰিনব পাৰে ৷ সেইসমূহ হৈছে –
১) আলুত ভিটামিন বি, চি, পটাছিয়াম, আইৰণ আৰু কপাৰ থাকে। ইয়াৰ উপৰিও যথেষ্ট পৰিমাণৰ কেলচিয়াম থাকে। ইয়াত থকা ভিটামিন চিয়ে চৰ্দি আৰু কাহৰ সমস্যা কমায়। যিকোনো ধৰণৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ইয়াৰ ৰস দৈনিক খালী পেটত খাব লাগে।
২) আলুৰ ৰসৰ প্ৰদাহ কমোৱাৰ ক্ষমতাও আছে। ফলত হাড়ৰ বিষো কমি যায়। বিষ হোৱা ঠাইত আলুৰ টুকুৰা এটা লগালে প্ৰায়ে সকাহ পোৱা যায় ৷
৩) গেছ, হাৰ্টবাৰ্ণৰ সমস্যাত যদি আপুনি ঘৰতে কম কৰিব বিচাৰে তেন্তে আলুৰ ৰসৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।
৪) আলুৰ ৰসে কেন্সাৰ হোৱাৰ সম্ভাৱনা কম কৰিব পাৰে। ইয়াত ‘গ্লাইকোএলয়ড’ নামৰ এবিধ পদাৰ্থ থাকে। ইয়াৰ টিউমাৰ নিয়ন্ত্ৰণকাৰী গুণ আছে। ২০১৬ চনৰ এক অধ্যয়নত আলুৰ এই গুণৰ কথা উল্লেখ কৰা হৈছে।