লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে তাপমাত্ৰা ৷ প্ৰচুৰ ঘাম ওলোৱা, অস্বস্তি, কিছু সময়ৰ বাবে দুৰ্বল অনুভৱ কৰা আদি বিভিন্ন সমস্যাই দেখা দিয়ে গৰমৰ দিনত ৷ বতৰ বিজ্ঞান বিভাগে তাপমাত্ৰা অধিক বৃদ্ধি পাব বুলি আগজাননী দিছে ৷
গতিকে আগতীয়াকৈ শৰীৰৰ যত্ন লোৱাটো প্ৰয়োজনীয়। বিশেষকৈ শিশুসকলৰ। এতিয়াও গ্ৰীষ্মকালীন ছুটী আৰম্ভ হোৱা নহয় ৷ ফলত প্ৰতিদিনে স্কুললৈ যাবলগীয়া হয়। তেওঁলোকক সুস্থ কৰি ৰখাৰ দায়িত্ব অভিভাৱকৰ। এই গ্ৰীষ্মকালত শিশুক সুস্থ কৰি ৰাখিবলৈ কিছুমান বিশেষ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।
বেল
গৰমৰ দিনত বেলৰ দৰে একোৱেই উপযোগী নহয়। বেল ভিটামিন এ, চি আৰু বি কমপ্লেক্স, পটাছিয়াম, মেগনেছিয়ামৰ সমৃদ্ধ উৎস। বহু শিশুৱে বেল খাবলৈ মন নকৰে । ল’ৰা-ছোৱালীয়ে ভাল পোৱা যিকোনো উপাদানৰে বেলৰ চৰবত বনাব পাৰে। ভিটামিন চিৰ উপস্থিতিৰ বাবে বেলে ভিতৰৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ সক্ষম হয়।
দৈ
গৰমৰ দিনত শৰীৰ শীতল কৰি ৰাখিবলৈ দৈৰ বিকল্প নাই। শিশুৰ পেট সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে দৈ খুৱাব লাগে। কেলচিয়াম, ফছফৰাছ, প্ৰটিনযুক্ত টেঙা দৈও হাড় ভালে ৰখাত সহায় কৰে। যদি আপুনি কেৱল টেঙা দৈ খাব নিবিচাৰে তেন্তে ইয়াৰে লাচী, ৰাইতা বা চালাড বনাই খাব পাৰে ৷
ডাব নাৰিকলৰ পানী
গ্ৰীষ্মকালত শৰীৰৰ যত্ন ল’বলৈ ডাব নাৰিকলৰ পানী অতি উপযোগী। এই পানীয়টো গৰমৰ দিনত শিশুৰ দৈনন্দিন খাদ্য তালিকাত ৰাখিব লাগে। শৰীৰ আৰ্দ্ৰ কৰি ৰখাৰ উপৰিও ই শিশুক বিভিন্ন সংক্ৰমণৰ পৰা আঁতৰাই ৰাখিব।