যোৰহাটত জন্ম গ্ৰহণ কৰা লখিমী বৰুৱাই পদ্মশ্ৰী সন্মান লাভ কৰিছে। কনকলতা মহিলা আৰ্বান ক’অপৰাৰেটিভ বেংকৰ স্বতাধিকাৰ লখিমী বৰুৱা হৈছে অসমৰ প্ৰথম গৰাকী বেংক প্ৰতিষ্ঠা কৰা মহিলা।
বাল্যকালতে পিতৃ মাতৃক হেৰুৱাবলগীয়া হোৱা লখিমী বৰুৱা আত্মীয় স্বজনৰ ঘৰত লালিত পালিত হৈছিল। আৰ্থিক অনাটনৰ বাবে আনুষ্ঠানিক শিক্ষা আধাতে সামৰি বিবাহ পাশত আৱদ্ধ হ’বলগীয়া হৈছিল। কিন্তু বিবাহৰ পিছত তেওঁ শিক্ষা গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিল। শিক্ষা সাং কৰাৰ পিছতে কোঅ’পাৰেটিভ বেংকত নিয়োগ লাভ কৰিছিল।
বেংকত কৰ্মৰত লখিমী বৰুৱাৰ সেই সময়তে মহিলাৰ বাবে কিবা এটা কৰাৰ কথা মনলৈ আহিছিল। মহিলাসকলৰ বেংকৰ হ’ব পৰা লাভালাভৰ অজ্ঞতাই তেওঁক আমনি কৰিছিল। মহিলাসকলৰ কল্যাণৰ বাবেই এটি মহিলা বেংক প্ৰতিষ্ঠা কৰিবলৈ সিদ্ধান্ত লৈছিল।
১৯৯০ চনত অনুমোদনৰ বাবে ভাৰতীয় ৰিৰ্জাভ বেংকলৈ আবেদন পঠিয়াইছিল। ১৯৯৮ চনত ৰিজাৰ্ভ বেংকৰ দ্বাৰা অনুমোদন লাভ কৰিছিল। ইয়াৰ পিছতেই কনকলতা মহিলা আৰ্বান ক’অপৰাৰেটিভ বেংকৰ প্ৰথমটো শাখা যোৰহাটত মুকলি কৰিছিল।
মহিলা কৰ্মীৰ দ্বাৰা পৰিচালিত কেৱল মহিলাৰ বাবে মুকলি কৰা মহিলাৰ দ্বাৰা প্ৰতিষ্ঠিত হোৱা অসমৰ প্ৰথমটো মহিলা বেংকৰ জন্ম হৈছিল।
পিছলৈ এই বেংকৰ শাখাসমূহ শিৱসাগৰ আৰু গোলাঘাট জিলালৈ বিয়পি পৰে। ২১ জন কৰ্মচাৰীৰে পৰিচালিত কনকলতা বেংকৰ চাৰিটা শাখাত বৰ্তমান প্ৰায় ৪৫০০০ লোকৰ একাউণ্ট আছে। এতিয়ালৈকে ৮০০০ মহিলাক ঋণ প্ৰদান কৰাৰ লগতে ১২০০ আত্মসহায়ক গোটক আৰ্থিক সকাহ প্ৰদান কৰিছে।
লখিমী বৰুৱাৰ মতে যোৱা বছৰ ১৬ কোটি টকাৰ টাৰ্ণ অভাৰত ৩০ লাখ টকা লাভ হিচাপে পাবলৈ সক্ষম হৈছিল। চৰকাৰ বা প্ৰশাসনৰ সহযোগত কনকলতা মহিলা বেংকে সমগ্ৰ অসমতে প্ৰসাৰ লাভ কৰিব পাৰিব বুলি তেখেতে বিশ্বাস কৰে।
লখিমী বৰুৱাৰ এই প্ৰচেষ্টা আৰু সাহস সন্মানৰ যোগ্য। বহুতো মহিলাক স্বাৱলম্বনৰ পথ দেখুওৱাই আগবঢ়াই নিয়া লখিমী বৰুৱা সমাজৰ এক আদৰ্শ হৈ ৰ’ব।