কথাতে আছে টোপনি যোৱা মানে স্বৰ্গত থকা। কিন্তু টোপনি বেছি হ’লে স্বৰ্গ হৈ নাথাকে ঠিক সেইদৰে কম টোপনিও স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। চিকিৎসা শাস্ত্ৰমতে , কিমান সময় টোপনি যাব লাগে জাঁনো আহকচোন—
১) বিশেষজ্ঞ সকলৰ মতে, টোপনি জোখতকৈ বেছি হ’লে ডায়বেটিছ আৰু হাৰ্টৰ সমস্যা হ’ব পাৰে। ঠিক তেনেদৰে টোপনি কম হোৱাৰ ফলত কৰ্মদক্ষতা কমি যোৱাৰ লগতে অৱসাদে আগুৰি ধৰে। গতিকে সুস্থ থাকিবলৈ টোপনিৰ সঠিক সময়ৰ প্ৰয়োজন হয়।
২) সম্প্ৰতি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে , কম টোপনি আৰু অতিৰিক্ত টোপনি দুয়োটাৰ কাৰণে হৃদৰোগ , স্থুলতা , উদ্বেগৰ লগতে নানাবিধ সমস্যাই দেখা দিয়ে। তাৰোপৰি ডায়বেটিছ আৰু উচ্চ ৰক্তচাপৰ আশঙ্কাও বাঢ়ি যায়। কাৰ্ডিও ভাছকুলাৰ ডিজিজ আৰু অবিচিটি দেখা দিয়ে।
৩) বিশেষজ্ঞ সকলৰ মতে , সকলোতকৈ ডাঙৰ কথা হ’ল টোপনি অহাৰ সময়। গোটেই দিনটো বাহিৰত কাম কৰি ঘূৰি আহি টোপনি যাব বিচাৰিলেও হয়তো টোপনি নাহিবও পাৰে। ঠিক তেনেদৰে মানসিক অৱসাদ থকা ব্যক্তি বহুত সময় ধৰি টোপনি যায় আৰু বেছি সময় টোপনিৰ ফলত মানসিক অৱসাদ বাঢ়ি যায়। মুঠতে কম বা বেছি টোপনি দুয়োটাৰ কাৰণে মগজুৰ কাম কৰাৰ ক্ষমতা কমি যায়।
সুস্থ থাকিবলৈ চিকিৎসকে প্ৰতিজন প্ৰাপ্তবয়স্ক লোককে ৭/৮ ঘণ্টা টোপনিৰ পৰামৰ্শ দিয়ে। গতিকে তাতকৈ কম বা বেছি টোপনি যোৱা উচিত নহয়।