VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
February 24, 2023
in সমাজ
প্ৰাতঃস্মৰণীয়
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট ভূগোলবিদ মহম্মদ তাহেৰৰ স্মৃতি দিৱস । তেওঁ আছিল স্বাধীনতাৰ পৰৱৰ্তী কালৰ অসমৰ এগৰাকী অগ্ৰণী ভূগোল বিজ্ঞানী, কৃতী শিক্ষক আৰু সুলেখক । তেওঁ কটন কলেজৰ পৰা বিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৫৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগত অধ্যাপনা কৰাৰ উপৰি বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিৰ সচিব, অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰ সংস্থাৰো (NATMO) গৱেষক আছিল। ৰামধেনু, প্ৰকাশ আদি আলোচনীত তেওঁৰ গল্প-কবিতা আদি প্ৰকাশ পাইছিল । অসম সাহিত্য সভাৰ অভিলাষী প্ৰকল্প বিশ্বকোষৰ ‘সমাজ আৰু সংস্কৃতি’ খণ্ডৰ তেওঁ সম্পাদক আছিল । ২০১৫ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে। এইগৰাকী মহান ব্যক্তিলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসৰ ওপজা দিন । ১৯৬১ চনৰ আজিৰ দিনটোতে শ্বিলঙত তেওঁৰ জন্ম হৈছিল। দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা অৰ্থনীতিৰ স্নাতক ডিগ্ৰী লাভ কৰি দিল্লীৰ স্কুল অৱ ইকোনমিক্সৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৮৪ চনত পঞ্জাব নেচনেল বেংকৰ বিষয়া হিচাপে যোগদান কৰি পিছলৈ ইউনিট ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু গুৱাহাটী ষ্টক এক্সেঞ্জৰ মহাপ্ৰবন্ধক হিচাপে যোগদান কৰে। ১৯৯৫ চনত তেওঁ অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক নিযুক্ত হয়। তাৰ পূৰ্বে ১৯৮৯ চনত বুধবাৰ কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৯৪ চনত আগান আলোচনীৰ প্ৰকাশক আৰু সম্পাদক হয় । তেওঁ কেইবাটাও মানৱ অধিকাৰ সংস্থাৰ সৈতে জড়িত আছিল। ছাংলট ফেনলা, স্বাধীনতাৰ প্ৰস্তাৱ, ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি আদি তেওঁৰ প্ৰকাশিত পুথি। সাংবাদিকগৰাকীলৈ আমাৰ প্ৰণাম।

Previous Post

কম টোপনিয়েে বিপদ অনাৰ দৰে বেছি টোপনিও বিপদ মাতিব পাৰে। কিমান সময় টোপনি যাব লাগে জাঁনো আহকচোন

Next Post

লোকসভা নিৰ্বাচনত কংগ্ৰেছক গুৰুত্ব নিদিয়াকৈ নতুন বিৰোধী মিত্ৰজোঁট, কোন কোন থাকিব এই ‘জি-৮’ দলত

Related Posts

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক  প্ৰদান কৰে এক  অনন্য ট্ৰেকিং অভিজ্ঞতা
সমাজ

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক প্ৰদান কৰে এক অনন্য ট্ৰেকিং অভিজ্ঞতা

March 24, 2023
ভাৰতবৰ্ষত বছৰত দুবাৰকৈ পালন কৰা হয় শ্বহীদ দিৱস
সমাজ

ভাৰতবৰ্ষত বছৰত দুবাৰকৈ পালন কৰা হয় শ্বহীদ দিৱস

March 23, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 28, 2023
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

February 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 26, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 22, 2023
Next Post
লোকসভা নিৰ্বাচনত কংগ্ৰেছক গুৰুত্ব নিদিয়াকৈ নতুন বিৰোধী মিত্ৰজোঁট, কোন কোন থাকিব এই ‘জি-৮’ দলত

লোকসভা নিৰ্বাচনত কংগ্ৰেছক গুৰুত্ব নিদিয়াকৈ নতুন বিৰোধী মিত্ৰজোঁট, কোন কোন থাকিব এই ‘জি-৮’ দলত

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7