টোপনিৰ লগত নাৰী -পুৰুষ উভয়ৰে সৌন্দৰ্যৰ নিবিড় সম্পৰ্ক আছে। নিয়মিত ভাবে টোপনি যোৱাটো স্বাস্থ্যসন্মত। বহুলোকে প্ৰয়োজন অনুসৰি শুবলৈ ইচ্ছা কৰিলে টোপনি নাহে নাইবা দেৰিকৈ টোপনি আহিলেও গভীৰ টোপনি নহয়। তেতিয়া অনিদ্ৰা ৰোগত ভোগা বুলি আমি জানিব পাৰো।
টোপনি অহাৰ সহাজ উপায় সমূহ হল—–
নিয়মীয়াকৈ একোটা নিৰ্দিষ্ট সময়ত শোৱা আৰু উঠাৰ অভ্যাস কৰিব লাগে।
কফি , চাহ আৰু নিকোটিন থকা দ্ৰব্য (বিড়ি , চিগাৰেট , ধঁপাত )আদি বৰ্জন কৰিব লাগে ।
ৰাতি কমকৈ ভোজন কৰিব লাগে।আনহাতে লঘোণেও থাকিব নালাগে।
শাৰীৰিক পৰিশ্ৰম কৰিব লাগে।
শোৱা বিচনাখন পৰিষ্কাৰ -পৰিচ্ছন্ন আৰু আৰাম দায়ক হ’ব লাগে।
বনৌষধিৰ দ্বাৰা সহজ টোপনি অনাৰ কিছুমান উপায় হল—–
১) ভীম কল এটাৰ গুটি বিলাক বাদ দি বাকী অংশ এগিলাচ গাখীৰত ফেটি দৈনিক ৰাতি এমাহ মান খালে নিদ্ৰাহীনতা দূৰ হয়।
২) অশ্বগন্ধাৰ গুড়া দুচামুচ একাপ গাখীৰত উতলাই দিনে দুবাৰকৈ খাব লাগে।
৩) চাৰি -পাঁচ কোঁহ নহৰু ব্ৰাহ্মী শাকৰ লগত চাটনি কৰি আহাৰৰ লগত নিয়মিত খাব লাগে।
৪) আমলখি , শিলিখা ,কোমোৰা , মানিমুনি , টেঙেচি ,মৰিচাশাক ,গোমধান ,বকফুল আদি নিয়মীয়াকৈ খোৱা ভাল।
৫) সৰ্পগন্ধাৰ পাত আঞ্জা কৰি খালে নিদ্ৰাহীনতা দূৰ হয়।
৬) নিৰামিষ খাদ্য খাব লাগে। তেল , ঘিউ , জ্বলা , মচলা জাতীয় খাদ্য পৰিত্যাগ কৰিব লাগে।
৭) ডালিমৰ ৰস চাৰি চামুচত ছালকুঁৱৰীৰ ৰস আৰু আধা চামুচ চেনি মিশ্ৰণ কৰি ৰাতি শোৱাৰ আগত খালে একেবাৰে টোপনি নহা লোকৰো ভাল টোপনি হয়।
৮) শৌচ কঠিন হোৱাৰ বাবে টোপনি ন’হলে পানী বেছিকৈ খোৱাৰ উপৰি ত্ৰিফলা দুচামুচ মৌৰ লগত খালে শৌচ স্বাভাবিক হয় আৰু টোপনি ভাল হয়।পকা অমিতা আৰু আহজাতীয় খাদ্য উপকাৰী।
ওপৰোক্ত নিয়ম বোৰ মানি চলিলে নিদ্ৰাহীনতা দূৰ হব আৰু আমি এটা সুন্দৰ ৰাতি যাপন কৰিবলৈ সক্ষম হম।