শীতকালৰ ধুনীয়া ধুনীয়া পাচলিবোৰ দেখিলেই খাওঁ খাওঁ লাগি থাকে মনবোৰ। নিজৰ বাগানতে হওঁক বা টাবতে হওঁক নহ’লে বজাৰৰ পৰা আনিয়ে হওঁক সতেজ পাচলিবোৰ ৰান্ধি খোৱাৰ আমেজেই বেলেগ। মচলা পাতি ব্যৱহাৰ নকৰাকৈ অতি সাধাৰণ ভাৱে নিমখ-হালধিৰে স্বাস্থ্য সন্মত ভাৱে ৰান্ধি খাব পাৰি এই সতেজ পাচলি বোৰ। ইমান সোৱাদময় কেনেকৈ হয় জানো আহকচোন—
বেঙেনা দুটামান লৈ ( চাইজ লৈ আন্দাজ মতে) পৰিষ্কাৰ কৈ ধুই লৈ সৰু সৰু কৈ পিচ কৰি কাটি ল’ব লাগে। ঠিক তেনেদৰে আলু দুটামান বাকলি গুচাই ভালকৈ পৰিষ্কাৰ পানীৰে ধুই মিহিকৈ দীঘল দীঘল চাইজ কৰি কাটি ল’ব লাগে। পালেংশাক অকণমান পৰিষ্কাৰ কৰি ধুই কাটি লৈ বেলেগে ৰাখিব লাগে। কেৰাহিত তেল গৰম হ’লে পাঁচফুৰণ , জলকীয়া দি কাটি থোৱা আলু আৰু বেঙেনা বোৰ দি অলপ সময় ভাজি ল’ব লাগে। অলপ ভজা হোৱাৰ পিছত পালেং শাক খিনি কেৰাহিত ঢালি দি গোটেইখিনি একেলগে লৰাই দি নিমখ -হালধি দিব লাগে। বিলাহী এটা কাটি দি ঢাকণি এখনেৰে ঢাকি দি সিজিব দিব লাগে। গোটেইখিনি বস্তু সিজাৰ পিছত পানী দি উতলিব দিব লাগে। ( অলপ পনীয়া হ’লে ভাল) ভালকৈ উতলাৰ পিছত ধনীয়াপাত আৰু কেঁচা জলকীয়া দি নমাই থব লাগে। উতলাৰ পিছত সৰু ভজা মাছ দিলে খাবলৈ আৰু জুতি লগা হয়। ভাতৰ লগত গৰমে গৰমে এই আঞ্জা বিধেৰে অতি তৃপ্তিৰে খাব পাৰি। পালেং শাক খোৱাত বাধা থাকিলে শাক নিদিয়াকৈ ৰান্ধিব পৰা যায়। কোনো মচলা বা পিঁয়াজ-নহৰু নিদিয়াকৈ অকল নিমখ-হালধিৰে ৰান্ধা এই আঞ্জাবিধ অকল যে সোৱদময় এনে নহয় ই অতি পুষ্টিকৰো।