VOICE 24x7
Tuesday, May 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘অনুপ্ৰেক্ষণ’ এটি ব্যতিক্ৰমী নাম

গ্ৰন্থ খন সন্দৰ্ভত সামাজিক মাধ্যম যোগে কি ক'লে লেখক পংকজ বৰদলৈয়ে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 12, 2022
in সমাজ
‘অনুপ্ৰেক্ষণ’ এটি ব্যতিক্ৰমী নাম
0
SHARES
47
VIEWS
Share on FacebookShare on Twitter

এতিয়া গ্ৰন্থৰ বতৰ ৷ নৱেম্বৰ-ডিচেম্বৰ মাহ মানেই যেন কেউফালে গ্ৰন্থৰ সুবাস ৷ গ্ৰন্থপ্ৰেমী কিম্বা প্ৰকাশক আৰু লেখকৰ আহৰি নোহোৱা সময় ৷ অসমৰ বহুঠাইত অনুষ্ঠিত হৈছে গ্ৰন্থমেলা য’ত উন্মোচন কৰা হৈছে ন-পুৰণি বহু লিখক-প্ৰকাশকৰ নতুন নতুন গ্ৰন্থ ৷

এটি ব্যতিক্ৰমী নামেৰে  চলিত বৰ্ষৰ ৪ডিচেম্বৰ তাৰিখে  যোৰহাটত অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলাত উন্মোচন কৰা হ’ল পংকজ প্ৰতীম বৰদলৈৰ প্ৰবন্ধ সংকলন ‘অনুপ্ৰেক্ষণ’  ৷‘সঞ্জীৱন প্ৰকাশন’ৰ  দ্বাৰা প্ৰকাশ পোৱা  গ্ৰন্থখনৰ  বেটুপাত   নীলাভ সৌৰভৰ ।

সামাজিক মাধ্যম ফেচবুকৰ দ্বাৰা  গ্ৰন্থ খনত অন্তৰ্ভূক্ত কৰা তেওঁৰ প্ৰবন্ধ  সন্দৰ্ভত বিশেষকৈ ‘লাচিত বৰফুকন আৰু শৰাইঘাট’ সম্পৰ্কে বহুখিনি কথাই ব্যক্ত কৰিলে গ্ৰন্থখনৰ লেখক পংকজ বৰদলৈয়ে ৷ প্ৰবন্ধ সংকলন খনৰ বিষয়ে কিছু কথা পাঠকক অৱগত কৰিবলৈ গৈ তেওঁ ক’লে যে অসমৰ  তথা অসমীয়াক উজ্জীৱিত কৰিব পৰা তথা হাজাৰ বাধা বিঘিনিৰ মাজতো একত্ৰিত কৰিব পৰা দুটা শব্দ হৈছে– লাচিত বৰফুকন আৰু শৰাইঘাট৷ লাচিত বৰফুকনৰ লগত জড়িত অসমীয়াৰ সন্মান আৰু আৱেগৰ নিৰ্মোহ বিশ্লেষণ কৰি ক’ব পাৰি যে, অসমৰ ইতিহাসৰ সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়াসকলৰ এজন তথা অসমীয়া সমাজ আৰু জাতিৰ অস্তিত্ব ৰক্ষাৰ অক্লান্ত  যোদ্ধাজনেই ইতিহাস চৰ্চাকাৰী ইতিহাসবিদৰ হাতত সৰ্বাধিক ‘পীড়িত’ অসমীয়া৷ লাচিত বৰফুকনৰ বংশ পৰিচয়, তেওঁৰ জন্ম তথা গড় নিৰ্মাণৰ অৱহেলাৰ বাবে মোমায়েকক কটালৈকে, এই সকলো দিশ সামৰি  লাচিতক লৈ অসংখ্য কল্পনা কাহিনীৰ নিৰ্মাণেৰে লাচিতৰ প্ৰকৃত অৱদান আৰু প্ৰাসংগিকতাৰ বস্তুনিষ্ঠ পৰ্যালোচনা অতি আচৰিতভাৱে বৰ্তমান সময়তো কৰা হোৱা নাই৷

লিখক গৰাকীয়ে পুনৰ ক’লে যে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ শৰাইঘাটৰ ৰণত লাচিত বৰফুকন নৰিয়াপাটীত থকাৰ দোহাই দি তেওঁক এজন কাপুৰুষ হিচাপে উপস্থাপনৰ অপচেষ্টাও চলোৱা হ’ল৷ ড০ সূৰ্যকুমাৰ ভূঞাৰ দৰে স্বনামধন্য ইতিহাসবিদেও নৰিয়াপাটীত থকা লাচিতৰ বিছনা চাৰিটা ‘ভূঞা পোৱালিয়ে’ নাৱত তুলি  দিলে বুলি কোনো বিশুদ্ধ আৰু নিৰ্ভৰযোগ্য প্ৰমাণ অবিহনেই উল্লেখ কৰি আওপকীয়াকৈ ভূঞাসকলৰ শৰাইঘাট যুদ্ধত অৱদানৰ কথা দোহাৰিলে৷ আনহাতে লাচিত বৰফুকনে আহোম যুগত লাভ কৰা পদবী সম্পৰ্কেও অসমীয়া ইতিহাসবিদসকল এক নিৰ্ভৰযোগ্য মতবাদ দাঙি ধৰিব পৰা নাই৷ ঘোঁৰাকোঁৱৰ, দোলাকাষৰীয়া বৰুৱা হৈ শিমলুগুৰীয়া ফুকনৰ পৰা বৰফুকন হোৱাৰ বহুবোৰ তথ্যৰহিত ব্যাখ্যা আগবঢ়োৱা হৈছে৷ কোনো বিজ্ঞানসন্মত তথ্য আৰু  প্ৰমাণ অবিহনেই বেনুধৰ শৰ্মাই লাচিত বৰফুকনৰ জন্ম নাজিৰাৰ এঘৰ বামুণ মানুহৰ ঘৰত হোৱাৰ লগতে কালক্ৰমত ৰজাৰ দৃষ্টিগোচৰ হৈ তামুলী বিষয়বাব পাই পৰৱৰ্তীকালত বৰবৰুৱাৰ  দায়িত্ব পোৱাৰ  কথা লিখিছে৷ পদ্মনাথ গোহাঞি বৰুৱাদেৱেও লাচিতক ‘ঘোঁৰা বৰুৱা’ পতাৰ কথা উল্লেখ কৰিছে৷ ক্ষেত্ৰধৰ বৰগোহাঞিয়ে লাচিত বৰফুকনক বিধৱাৰ পিতৃপৰিচয়হীন সন্তান আখ্যা দি মোমাই তামুলীৰ তোলনীয়া পুত্ৰৰ মৰ্যাদা দিছে৷ গতিকে ওপৰোক্ত উদাহৰণসমূহৰ বিক্ষিপ্ততাই আমাৰ ইতিহাস চৰ্চাৰ বিক্ষিপ্ততা আৰু নিৰপেক্ষহীনতাৰ উমান দিয়ে৷ অসমৰ ইতিহাসৰ যে বস্তুনিষ্ঠ আৰু বিজ্ঞানসন্মত চৰ্চা আৰু ব্যাখ্যা এক প্ৰাৰম্ভিক পৰ্যায়তে আছে এই ওপৰোক্ত তথ্য উদাহৰণেই প্ৰমাণ কৰিছে৷ ইয়াৰ ফলতেই ইতিহাসকেন্দ্ৰিক বিভ্ৰান্তি আৰু ন্যস্ত স্বাৰ্থ জড়িত আৱেগ সৃষ্টিৰ  উদ্দেশ্য সফল হৈছে৷”

‘অনুপ্ৰেক্ষণ’প্ৰকৃতাৰ্থত এনে এখন গ্ৰন্থ য’ত সন্নিবিষ্ট হৈ আছে এনে বহু কেইটা প্ৰবন্ধ যি পাঠক সমাজৰ লগতে নৱ-প্ৰজন্মকো বিভিন্ন ক্ষেত্ৰত বহু সমল যুগুত কৰাত ভৱিষ্যতে সহায় কৰিব ৷ অৱশ্যে গ্ৰন্থখনৰ বেটুপাতেও গ্ৰন্থখনৰ ভিতৰত কি আছে  তাৰ কিছু আভাস পাবলৈ  পাঠকক যথেষ্ট সহায় কৰিব ৷ আনহাতে  ব্যস্ততাময় কৰ্মজীৱনৰ আঁৰত লেখকৰ এয়া এক নতুন যাত্ৰা। চিন্তাগধুৰ অকল্পসাহিত্যৰ আগ্ৰহী সকলৰ বাবে ই এখন উপযুক্ত গ্ৰন্থ। আনহাতে পাঠকৰ দৃষ্টিত এটা এটা  মূল্যবান শব্দৰে সমৃদ্ধ কম মূল্যৰ কম পৃষ্ঠাৰ  এখন অনন্য গ্ৰন্থ ‘অনুপ্ৰেক্ষণ’ যি বৰ্তমান যোৰহাট গ্ৰন্থমেলাৰ সঞ্জীৱন প্ৰকাশন আৰু আন প্ৰকাশনতো উপলব্ধ  ৷

 

Previous Post

সুন্দৰবন হিংগল গঞ্জৰ ৰায়মংগল  নদীত উদ্ধাৰ বিৰল প্ৰজাতিৰ মাছ

Next Post

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

Related Posts

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?
সমাজ

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?

May 24, 2023
দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা
সমাজ

দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা

April 13, 2023
জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?
সমাজ

জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?

April 4, 2023
ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?
সমাজ

ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?

April 4, 2023
সুৰাৰ বটলত গামোচা বিতৰ্ক
সমাজ

সুৰাৰ বটলত গামোচা বিতৰ্ক

April 4, 2023
নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক  প্ৰদান কৰে এক  অনন্য ট্ৰেকিং অভিজ্ঞতা
সমাজ

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক প্ৰদান কৰে এক অনন্য ট্ৰেকিং অভিজ্ঞতা

March 24, 2023
Next Post
মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

May 30, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

May 30, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7